নিউজ ডেস্কঃ
হাৰিয়ানাৰ পিছত এইবাৰ ঝাড়খণ্ডতো ব্যক্তিগত কর্মসংস্থাপনত সংৰক্ষণ আৰম্ভ হ’ল। ভূমিপুত্রসকলৰ বাবে ৭৫ শতাংশ আসন সংৰক্ষণৰ প্রস্তাৱত ছীল-মোহৰ লগালে। বিধানসভাত এই সন্দৰ্ভত নতুন আইন গৃহীত কৰিব হেমন্ত চোৰেন চৰকাৰে।
ৰাজ্যৰ কর্মহীনসকলৰ বাবে নিবনুৱা ভাট্টা আৰম্ভ আৰু বেচৰকাৰী ক্ষেত্রত ৭৫ শতাংশ সংৰক্ষণৰ সিদ্ধান্তত সেউজ সংকেত লাভ কৰিলে। জানিব পৰা গৈছে, নতুন নিয়মৰ ফলত মাহিলি ৩০ হাজাৰ টকা পর্যন্ত বেতনৰ চাকৰিত অগ্রাধিকাৰ পাব ঝাড়খণ্ডৰ অধিবাসীসকলে। ইয়াৰ সৈতে ‘প্রোৎসাহন যোজনা’ৰ অধীনত নিবনুৱাসকলক ভাট্টা দিয়া হ’ব। অৱশ্যে তাৰ বাবে প্ৰযুক্তি জ্ঞান থকাটো জৰুৰী। চৰকাৰী চাকৰি পোৱাৰ যোগ্য বুলি বিবেচিত হ’লেহে ভাট্টা দিয়া হ’ব।
কেবিনেট বৈঠকে আৰু কেইটামান নতুন নিয়ম আৰম্ভ কৰিছে। এতিয়াৰে পৰা ৰাজ্যৰ মন্ত্রীসকলে বিচাৰিলে ৰাজ্যৰ বাহিৰৰ যিকোনো বেচৰকাৰী হস্পিটেলত চিকিৎসা কৰাব পাৰিব। চিকিৎসাৰ খৰচ বহন কৰিব চৰকাৰেই।