অজন্তা তালুকদাৰ:
বোকাখাত : “ইতিহাস খুচৰিলে দেখা যায় যুদ্ধ বিগ্রহ আৰু হিংসাৰ মাধ্যমেৰে সাব্যস্ত কৰা অধিকাৰৰ ফলাফল সুদুৰ প্ৰসাৰি নহয়, কিন্তু অহিংসা নীতিৰ আশ্ৰয় লৈ সাব্যস্ত কৰা অধিকাৰৰ ফল সুদুৰ প্ৰসাৰী আৰু গ্রহণযোগ্য, এই কথা জাতিৰ পিতাই প্ৰমাণ কৰি গৈছে।
” ১২ মাৰ্চত বোকাখাত চন্দ্র নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষে আয়োজন কৰা ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অধ্যাপক অচ্যুৎ শৰ্মা হাজৰিকাই এনেদৰে কয়।
সভাৰ সভাপতিত্ব কৰে অধ্যক্ষ ড° সুৰজিৎ দত্তই। স্বাধীনতা লাভৰ হীৰক জয়ন্তী উপলক্ষে দেশে পালন কৰিবলৈ লোৱা “আজাদি কা অম্ৰুত মহোৎসৱ”ৰ প্ৰথম কাৰ্য্যসূচী হিচাপে গান্ধীজীৰ দাণ্ডিযাত্ৰাক সুঁৱৰি মহাবিদ্যালয়খনে এই অনুষ্ঠানৰ আয়োজন কৰে। আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক বিদ্যুৎ বিকাশ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰি ১৯৩০ চনৰ ১২ মাৰ্চৰ দিনটোতে গান্ধীজীয়ে পদব্রজে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ ৩৯০ কি:মি: পথ ২৫ দিনত চাৰিখন জিলা আৰু ৪৮ খন গাৱঁৰ মাজেৰে অতিক্ৰম কৰি দাণ্ডি যাত্ৰাৰে সমগ্ৰ দেশৰ সহযোগিতা লাভ কৰাৰ কথা উল্লেখ কৰে।
লগতে সুস্পষ্ট অহিংস নীতিৰে ভাৰতবৰ্ষক বিশ্বৰ বুকুত উচ্চ স্থানত উপনীত কৰি কিদৰে বৃটিছ উপনিবেশিকতাবাদৰ অন্ত পেলালে তাৰো বিৱৰণ দাঙি ধৰে। আন এগৰাকী বক্তা সঞ্জীৱ বৰাই মহাত্মা গান্ধীৰ নীতি, আদৰ্শ আৰু আজিৰ সমাজত তাৰ আৱশ্যকতাৰ বিষয়ে উদাহৰণ সহ ব্যাখ্যা কৰে। সভাৰ শেষত অধ্যক্ষ ড° দত্তই ছাত্র-ছাত্রী সকলক মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি অনুপ্রাণিত হবলৈ আহ্বান জনায়।













