অজন্তা তালুকদাৰ:
বোকাখাত : ৯৩ নং বোকাখাত বিধান সভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ সঘনে পট পৰিবৰ্তন ঘটিছে। ৮ মাৰ্চৰ পৰাই তলা লাগি আছে বোকাখাতৰ ৰাজীৱ ভৱনত আৰু বোকাখাতৰ ব্লক কংগ্ৰেছ কমিটিৰ সকলো বিষয় ববিয়াই দলীয় বাবৰ পৰা অব্যাহতি লৈছে বুলি জানিব পৰা গৈছে।
কিয়নো কংগ্ৰেছৰ উৰ্দ্ধতম নেতৃবৃন্দৰ সিদ্ধান্তমৰ্মে মহাজোঁট সমৰ্থিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেলৈ কংগ্ৰেছে ইতিমধ্যে কংগ্ৰেছে আগবঢ়োৱা সমৰ্থন বোকাখাতৰ কংগ্ৰেছ কৰ্মী সকলে কোনো কাৰণেই গ্ৰহণ কৰা নহ’ব বুলি আজিও সিদ্ধান্তত অটল হৈ থকা পৰিলক্ষিত হৈছে।
ভাৰতৰ স্বাধীনোত্তৰ কালৰ সৰ্বাধিক ভাৰতীয় জাতীয় কংগ্ৰেছৰ দখলত থকা এই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী নোহোৱাকৈ সম্পন্ন হব ২০২১ ৰ বিধান সভা নিৰ্বাচন।
আনহাতে বোকাখাততো ভংগ হল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা ৷ ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰিব বুলি বহু আগৰে পৰাই শিক্ষকতাৰ চাকৰি ত্যাগ কৰি নিৰ্বাচনী কুছকাৱাজ আৰম্ভ কৰা জীৱন চন্দ্ৰ বৰাই সোমবাৰে মনোনয়ন দাখিলৰ পাছতেই যোৱানিশা অসম জাতীয় পৰিষদে ৰেৱকান্ত গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰে ৷
উল্লেখযোগ্য যে জীৱন চন্দ্ৰ বৰাৰ মনোনয়ন পত্ৰ প্ৰদানৰ সময়ত বৰ্তমানৰ অসম জাতীয় পৰিষদৰ বোকাখাতৰ প্ৰাৰ্থী ৰেৱকান্ত গগৈয়ে বৰাক সংগ দিছিল। ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন বৰাই জনায় যে কি ৰাজনৈতিক কাৰণত ৰেৱকান্ত গগৈয়ে শেষ মুহূৰ্তত অসম জাতীয় পৰিষদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে সেই বিষয়ে তেখেত অজ্ঞাত আৰু ৰাইজৰ দলৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে।
৯ মাৰ্চত ৰেৱকান্ত বৰাই বহু সমৰ্থকক লগত লৈ অসম জাতীয় পৰিষদৰ হৈ মনোনয়ন দাখিল কৰে ৷ ৰেৱকান্ত গগৈ অসম জাতীয় পৰিষদৰ জিলা পৰ্যবেক্ষকৰ দায়িত্বত আছিল আৰু গোলাঘাট জিলাৰ লগতে আন জিলাতো সাংগঠনিক কাম কাজ আগবঢ়াই নিছিল। ইতিমধ্যে ৰেৱকান্ত গগৈৰ জেষ্ঠ ভাতৃ বোকাখাত নিৰ্মাণ গোটৰ সভাপতি, দুবাৰৰ বিধায়ক জীতেন গগৈয়েও মনোনয়ন দাখিল কৰে ৷
একে ঘৰৰে দুই ভাতৃৰ প্ৰতিদ্বন্দিতা আন এক আকৰ্ষণ হ’ব আগন্তুক নিৰ্বাচনৰ। ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত মনোনয়ন দাখিলৰ অন্তিম দিনলৈকে ১১ জনে মনোনয়ন দাখিল কৰে ৷
তেওঁলোক হল অতুল বৰা ( অগপ),প্ৰণৱ দলে ( মহাজোঁট সমৰ্থিত আঞ্চলিক গণ মৰ্চা),জীতেন গগৈ ( নিৰ্দলীয়) ,দুলাল বৰা ( নিৰ্দলীয়) ,মৃদুল শইকীয়া ( NCP) ,বিজয় কুটুম ( আপ),জীৱন চন্দ্ৰ বৰা ( ৰাইজৰ দল) ,ৰেৱকান্ত গগৈ ( অসম জাতীয় পৰিষদ) ,হেমন্ত দলৈ( নিৰ্দলীয়),সুমন তাঁতী (নিৰ্দলীয়) ৷













