বিশেষ প্ৰতিবেদন:
মহৰ উপদ্রৱ বঢ়াৰ সময় এয়া। গাওঁ, চহৰ সমূহত দুপৰীয়া পাৰ হৈ গধুলী হোৱাৰ মুহূর্তত তাণ্ডৱ দেখা যায় মহৰ। সম্প্রতি আর্জেন্তিনাৰ ৭৪ জেনেৰেল মাদাৰিয়াগা আৰু পিনামাৰ পথত হঠাৎ ঘুর্ণিবতাহ দেখা যায়। কিন্তু কোনো বতাহৰ চলাচল দেখা নাযায় ৷
ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীৰে যোৱাৰ সময়ত এই বিৰল দৃশ্য কেমেৰাত বন্দী কৰে এজন গাড়ীৰ চালকে। তেওঁ ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত জনাই যে, ঘূর্ণিৰ আকাৰ ক্রমশঃ ডাঙৰ হৈ গৈ থাকে।
এই বৃহদাকৃতিৰ মহৰ জাক দেখি বিশেষজ্ঞসকলে জনাইছে, ডাঙৰ বৰষুণত বিভিন্ন স্থানত পানী জমা হৈ ৰয়, য’ত গঢ়ি উঠিছে মহবোৰৰ পীঠস্থান। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত চহৰবাসীক সচেতন কৰা হৈছে।
কিন্তু এতিয়া চিন্তাৰ কোনো কাৰণ নাই। মহৰ তাণ্ডৱ কমাবলৈ যথাযথ ব্যৱস্থা ল’ব প্রশাসনে। জন সাধাৰণক সতর্ক থকাৰ বার্তা দিয়া হৈছে।