নিউজ ডেস্কঃ
কৰোনা অতিমাৰিৰ পৰা থেকে বাচিবলৈ এইবাৰ ভাৰতৰ শৰণাপন্ন ব্রাজিল। কৰোনা আক্রান্তৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাই গৈছে ব্রাজিলত। আৰু এই কৰুণ অৱস্থাৰ পৰা মুক্তি পাবলৈয়েই এইবাৰ ভাৰতীয় কোম্পানী ভাৰত বায়োটেকৰ পৰা ২ কোটি কোভেক্সিনৰ ড’জ ক্ৰয় ব্রাজিলৰ।
ব্রাজিলৰ স্বাস্থ্য মন্ত্রালয়ে প্ৰকাশ কৰা এক বিবৃতিত জনোৱা মতে, ইতিমধ্যেই ভাৰত বায়োটেকৰ সৈতে চুক্তিপত্র হৈ গৈছে ব্রাজিলৰ স্বাস্থ্য মন্ত্রালয়ৰ। ২ লাখ ৯০ হাজাৰ ডলাৰৰ বিনিময়ত কোভেক্সিন ক্ৰয়ৰ চুক্তি স্বাক্ষৰিত হৈছে। অহা মার্চ মাহতেই প্রথম পৰ্যায়ত ৮০ লাখ টীকা লাভ কৰিব। কোভেক্সিনৰ বাকী ড’জবোৰ আগন্তুক মার্চৰ পৰা মে’ মাহৰ ভিতৰত লাভ কৰিব ব্রাজিলে।
উল্লেখ্য, ইতিমধ্যে সমগ্ৰ বিশ্বত মুঠ কোভিড আক্রান্তৰ সংখ্যাৰ হিচাবত ৩ নম্বৰত আছে ব্রাজিল। বর্তমানলৈ ব্রাজিলত মুঠ ১ কোটি ৩৯ লাখ ৩ হাজাৰ ৮৮৬ জন কোভিড আক্রান্ত হৈছে। প্রাণ হেৰুৱাইছে ২ লাখ ৫১ হাজাৰ ৪৯৮ জনে।