বিশেষ প্ৰতিবেদন:
সমুদ্র গর্ভ ৰহস্যৰে ভৰা। ৰহস্য ভেদ কৰি বিজ্ঞানীসকলে সন্ধান উলিয়াইছে অন্য এক নতুন ৰহস্যৰ ৷ যদিও বৰ্তমানলৈকে নিশ্চিত হ’ব পৰা নাই নতুন সন্ধান সম্পৰ্কত। এতিয়ালৈকে এই অনুসন্ধানত যি তথ্য পোহৰলৈ আহিছে সেয়া লৈ অবাক বিজ্ঞানীসকল।
প্রতিকূল পৰিৱেশত অদ্ভূত প্রাণীৰ সন্ধান পোৱা গৈছে এন্টার্কটিকাৰ বৰফৰ তলৰ গভীৰ অন্ধকাৰত, য’ত প্রাণী থকাৰ কোনো সম্ভাৱনাই নাছিল।
এন্টার্কটিকাত এক সমীক্ষা চলাবলৈ গৈ গৱেষকৰ এটা দলে দুর্ঘটনাক্রমে বৰফৰ তলৰ -২ ° তাপমাত্রাত ভিন্ন ধৰণৰ প্রজাতিৰ প্রাণী দেখা পালে। উক্ত ঘটনাৰ ভিডিঅ’ প্রকাশ কৰিছে ব্রিটিছ এন্টার্কটিকা চার্ভেয়ে। সমুদ্রৰ মাজৰ ৩,০০০ ফুট গভীৰ বৰফৰ ড্রীল কৰি আৰু তাত কেমেৰা বহুৱাই এই সমীক্ষাৰ কাম আগবঢ়োৱা হৈছিল।
যেতিয়াই কেমেৰাটো তললৈ গৈ এটা শিলত খুন্দা মাৰিলে তেতিয়াই এই নতুন প্রাণীটো দেখা পোৱা গৈছিল। বৰ্তমান বিজ্ঞানীসকলে ঘটনা সন্দৰ্ভত গৱেষণা চলাই আছে নতুন তথ্য আৰু সত্যৰ সন্ধানত ৷