নতুন দিল্লীঃ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি)-গুৱাহাটীৰ গৱেষকসকলে পৰীক্ষাগাৰত প্ৰস্তুত কৰি উলিয়াইছে চিকেন, ছাগলীৰ মাংসৰদৰে সোৱাদযুক্ত মাংস। ইয়াৰ পুষ্ঠিগুণো খাঁটি মাংসৰদৰে একে। যদি এয়া বজাৰলৈ ওলাই আহে, তেতিয়াহ’লে মাংসৰ বাবে জীৱ হত্যা বহুলাংশে হ্ৰাস পাব।
এই সন্দৰ্ভত গুৱাহাটী-আইআইটিৰ ডঃ বিমান বি মণ্ডলে সংবাদ মাধ্যমত কয় যে ইয়াৰ বাঅ’মেটেৰিয়েল আৰু টিচু ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাগাৰত এই মাংস প্ৰস্তুত কৰিছে। ই সম্পূৰ্ণৰূপে প্ৰাকৃতিক।
উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ পূৰ্বানুমান অনুসৰি, ২০৫০ চনত বৰ্ধিত জনসংখ্যা অনুপাতে মাংসৰ চাহিদা পূৰ্ণ কৰিবলৈ অসমৰ্থ হৈ পৰিব মাংস উদ্যোগসমূহ। ইয়াৰ পৰিপ্ৰেক্ষিতত, অনাগত দিনসমূহত আইআইটি-গুৱাহাটীয়ে ইতিহাস ৰচনা কৰিব বুলি আশা কৰিব পাৰি।