বিশেষ প্ৰতিবেদন:
কঠিন পৰিস্থিতিত ওড়িশাৰ চম্বলপুৰৰ চিকিৎসক শঙ্কৰ ৰামচান্দানি যেন এক মানৱীয় মুখ। দাৰিদ্ৰ্য, অৱহেলিত মানুহৰ কথা ভাবি মাত্র এক টকাৰ বিনিময়ত চিকিৎসা ব্যৱস্থা আৰম্ভ কৰিলে তেওঁ।
শঙ্কৰ ৰামচান্দানি বীৰ সুৰেন্দ্র সাই ইনষ্টিটিউট অব মেডিকেল ছেয়েন্সেছ এণ্ড ৰিছার্চৰ এজন সহকাৰী অধ্যাপক। সম্প্রতি উক্ত চহৰতেই নিজে এটি ঘৰ ভাড়াত লৈ নতুন চেম্বাৰ খুলিছে তেওঁ। পুৱাৰ পৰা আবেলিৰ আৰু সন্ধ্যাৰ পৰা নিশা পর্যন্ত খোলা থাকিব সেই চেম্বাৰ। যাতে যিকোনো সময়ত, যিকোনো মুহূর্ততে মানুহ দৌৰি আহিব পাৰে তালৈ।
শঙ্কৰে কয়, চম্বলপুৰৰ সেই অঞ্চলৰ পৰা বহু দূৰৈত মাত্র দুখন মেডিকেল কলেজ আছে। আনকি উন্নত মানৰ ব্যৱস্থাপনাও নাই তাত। প্রয়োজনত যেতিয়াই তেতিয়াই দাৰিদ্ৰ্য মানুহ তালৈ যোৱাও সম্ভৱ নহয়। সেই কাৰণেই এই চেম্বাৰ খোলাৰ সিদ্ধান্ত লয় তেওঁ।
এইবাৰ এক টকাৰ বিনিময়ত চিকিৎসাৰ প্রসঙ্গত তেওঁ জনায়, “তেওঁলোকৰ যেন কোনো সময়তে ভাব নহয় যে তেওঁলোকে বিনামূল্যে সুবিধা পালে, তেওঁলোকেও যে টকা দিয়েই চিকিৎসা কৰিলে এই ভাবনাটো তেওঁলোকৰ মাজত ৰাখিবলৈয়েই এই সিদ্ধান্ত মই লৈছো।”
শঙ্কৰে জনায়, বহুদিন ধৰি এনে এটি কাম কৰাৰ ইচ্ছা তেওঁৰ আছিল। কিন্তু ইয়াৰ আগতে তেওঁ ছিনিয়ৰ ৰেছিডেন্ট হিচাবে তাত আছিল। সেয়ে ইচ্ছা থাকিলেও পূৰণ কৰিব পৰা নাছিল।
শঙ্কৰে এয়াও জনায় যে তেওঁৰ পত্নী স্ত্রী শিখা ৰামচান্দানি এজন ডেন্টিষ্ট। তেৱোঁ সেই চেম্বাৰত সহায় কৰাৰ বাবে সকলো সময়তে থাকিব।শঙ্কৰৰ এনে মহৎ কামৰ প্রশংসাত পঞ্চমুখ স্থানীয় বাসিন্দাসকল। ইয়াৰ আগতেও কৰোনা পৰিস্থিতিত অসহায় মানুহৰ কাষত থিয় দিয়া দেখা গৈছিল শঙ্কৰক।