ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি গুৱাহাটী মহানগৰীত তিনিখনকৈ ফুটব্ৰীজ মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কামাখ্যাগেট,গণেশগুৰি (কৰ ভৱনৰ সমীপত) আৰুখানাপাৰা ( তাজ ভিভান্টাৰ সমীপত)ত এই পদপথ সেতু কেইখন নিৰ্মান কৰা হৈছে ৷
আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই ফুটব্ৰীজকেইখন।ইয়াৰে খানাপাৰাত নিৰ্মিত ফুটব্ৰীজখন বাঁহেৰে ডিজাইন কৰা হৈছে। বাঁহেৰে নিৰ্মাণ কৰাৰ মুখ্য উদ্দেশ্য হৈছে অসমৰ কৃষ্টি-সংস্কৃতি উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ সন্মুখত তুলি ধৰা।
স্বয়ংক্ৰিয় এলিভেটৰ, দিবাংগৰ সুবিধাৰ্থে ” ৰেম্প”, দুয়োফালে চলন্ত চিৰি, বিশেষ আলোকসজ্জা, চি চি টিভি কেমেৰা আদিকে ধৰি এই পদপথ সেতু তিনিখনত বিভিন্ন সুবিধা সংযোজন কৰা হৈছে ৷
খৰচ হৈছে ১২ কোটি টকা।ইয়াৰ পূৰ্বেও মহানগৰীত দুখনকৈ ফুটব্ৰীজ মুকলি কৰা হৈছিল।













