ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি হোজাইত কেইবাটাও কাৰ্যসূচী হাতত লৈ উপস্থিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দুপৰীয়াৰ ভাগত বিহুতলী খেলপথাৰত অৱতৰণ কৰিব মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ। ইয়াৰ পিছতে ৰাওনা হ’ব ৰাধানগৰ পঞ্চায়তত অনুষ্ঠিত হোৱা পৃষ্ঠাপ্ৰমুখ সন্মিলন অনুষ্ঠানলৈ।
তাত চলি থকা পঞ্চায়ত মেলাৰ প্ৰদৰ্শনীমূলক বিপণীসমূহো পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে। উক্ত অনুষ্ঠান শেষ হোৱাৰ পিছত উদ্বোধন কৰিব হোজাই থানাৰ নৱনির্মিত ভৱন। লগতে উদ্বোধন কৰিব নেতাজী সুভাষ বসু ইনড’ৰ ষ্টেডিয়ামো।
ইয়াৰ উপৰিও শ্ৰী সোনোৱালে ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ত কলা ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। হোজাই নীলবাগান আৰু হোজাই জোৰাপুখুৰীৰ নৱনির্মিত পথৰো উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।
শেষত জোৰাপুখুৰীত ভূমি সংৰক্ষণ প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ অন্তত মুখ্যমন্ত্ৰী ৰাওনা হব নগাঁৱলৈ। মুখ্যমন্ত্ৰীৰ হোজাইৰ আগমনক লৈ ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।













