পদ্মশ্ৰী ৰংবং তেৰাঙে উন্মোচন কৰিলে বিদ্যাছিং ৰংপিৰ ‘লামজিৰ চিকিপ ইছি’, ‘প্ৰতিক্ষা’
ডিফুঃ কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ মাহেকীয়া আলোচনী ‘মানিম’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে ডিফুৰ লৰুলাংছ’ৰ ৰাংছিনা ছাৰপ’ কালচাৰেল হলত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কাৰ্বি আংলঙৰ বিশিষ্ট সাহিত্যকাণ্ডাৰী সকলৰ উপস্থিতিত গৌৰৱৰে চতুৰ্থ বৰ্ষ গৰকা মাহেকীয়া আলোচনী ‘মানিম’ৰ লগতে জিলাখনৰ বিশিষ্ট কবি, সাহিত্যিক আৰু লেখক বিদ্যাছিং ৰংপিৰ পুথি ‘লামজিৰ চিকিপ ইছি’ আৰু ‘প্ৰতিক্ষা’ৰ শুভ উন্মোচন কৰে পদ্মশ্ৰী ৰংবং তেৰাঙে৷ উক্ত কাৰ্যসূচীৰ সাক্ষী হৈ ৰয় জিলাখনৰ সাহিত্য-সংস্কৃতিৰ সাধক তথা কাণ্ডাৰীসকল ক্ৰমে চন্দ্ৰছিং ক্ৰ’, লুণছে তিমুঙ, পৱিত্ৰ বৰা, জয়ছিং টকবী, উদ্ধৱ মহন্ত, কাছাং বে’পী আৰু আন কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি৷
উক্ত অনুষ্ঠানতে ২০১৯ বৰ্ষৰ বাবে বঁটা প্ৰদন কৰা হয় ডিফু লাংছ’লিয়েটৰ উদীয়মান লেখক বীৰেণ হাঞ্চেক৷ ইয়াৰোপৰি ‘মানিম’ আলোচনীৰ সাহিত্য প্ৰতিযোগিতাত বিজয়ী সকলকো বঁটা আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয়৷ এই বঁটা প্ৰতি দুবছৰৰ মূৰে-মূৰে প্ৰদান কৰা হয়৷ পুথিসমূহ উন্মোচন কৰি দিয়া ভাষণত পদ্মশ্ৰী ৰংবং তেৰাঙে ‘মানিম’ আলোচনীৰ জৰিয়তে কাৰ্বি ভাষা- সংস্কৃতিক জীয়াই ৰাখিবলৈ গঠন কৰা কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ এনে প্ৰয়াস প্ৰশংসনীয় বুলি কয়৷ লেখক বিদ্যাছিং ৰংপিৰ লেখনিত বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত সৃষ্টি হোৱা বিভাজনৰ কথা সুন্দৰকৈ প্ৰকাশ পাইছে বুলি কয়৷ এগৰাকী প্ৰৱন্ধকাৰৰ প্ৰৱন্ধ চিন্তাশীলৰ ‘চিন্তা’ বুলি ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷
https://youtu.be/7uYLT61HOto
আনহাতে প্ৰাচীন আৰু বৰ্তমান কাৰ্বি সমাজৰ ভাষা-সংস্কৃতি আৰু চিন্তাধাৰাৰ উৎকৰ্ষ এই ‘মানিম’ আলোচনীৰ জৰিয়তেই প্ৰতিফলন ঘটিব বুলি আশা ব্যক্ত কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ ইপিনে বিশিষ্ট সাংবাদিক, লেখক পৱিত্ৰ বৰাই সাহিত্য-সংস্কৃতিক জাতিৰ মেৰুদণ্ড স্বৰূপ বুলি উল্লেখ কৰি কয় যে সাহিত্য-সংস্কৃতিৰ উত্তৰণ নহ’লে জাতিৰ উত্তৰণ অসম্ভৱ৷
কাৰ্বি আংলঙৰ নবীন-প্ৰবীণ লেখকসকলক তেওঁলোকৰ উৎকৃষ্ট লেখাৰ বাবে উদগনিমূলক বঁটা প্ৰদান কৰি উৎসাহিত কৰিবলৈ আহ্বান জনায় সাহিত্যিকগৰাকীয়ে৷ ইয়াৰোপৰি সাংবাদিকৰ আগত বিশিষ্ট সাংবাদিক আৰু লেখক ক্ৰমে, জয়ছিং টকবী আৰু বিদ্যাছিং ৰংপিয়ে কয় যে ‘মানিম’ আলোচনীয়ে একেৰাহে গৌৰৱোজ্জল চাৰিটা বৰ্ষ গৰকি জিলাখনত ইতিহাস ৰচিবলৈ সক্ষম হৈছে৷
জিলাখনৰ সুপ্তহৈ থকা সাহিত্য প্ৰতিভা জাগ্ৰত কৰি ‘মানিম’ৰ জৰিয়তে সেই প্ৰতিভাবোৰৰ উৎকৰ্ষ সাধন কৰি সুধী সমাজৰ মাজত ইয়াৰ সৌৰভ বিলোৱাই ৰাইটাৰ্ছ ক্লাব আৰু ‘মানিম’ ৰ মূল লক্ষ্য৷ অনুষ্ঠানৰ মাজে-মাজে নবীন-প্ৰবীণ কবিসকলে কবিতা আবৃতিৰে উপস্থিত সুধীবৃন্দক আপ্লুত কৰে৷