ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ১৮ জানুৱাৰী ২০২০ৰ পৰা ১৭ ফেব্ৰুৱাৰী ২০২০লৈকে চলিবলগীয়া ৰাষ্ট্ৰজোৰা পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি অসম তথা কাৰবি আংলঙতো ৩২ সংখ্যক পথ সুৰক্ষা মাহ পালন কৰা হৈ আছে ৷
তেওঁ জনোৱা অনুসৰি অসমত মুঠ পথৰ দৈৰ্ঘ্য 57,617টা পথ ৷ ইয়াৰে ৰাষ্ট্ৰীয় ঘাই পথত 3900 কিল,মিটাৰ, ৰাজ্যিক ঘাইপথত 3059 কিল’মিটাৰ আৰু মেগা জিলাত , 4360 কিল’মিটাৰ নগৰীয়া পথ 1701 কিল’মিটাৰ আৰু গ্ৰাম্য পথ 44,597 কিল’মিটাৰ পথ আছে ৷
আৰক্ষী, চিআইডি আৰু পিডব্লিউডি বিভাগে আগবঢ়োৱা পৰিসংখ্যা অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথত 2018 ইং, বৰ্ষত 3963 ,2019 ত 3988, টা পথ দূৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে, 2018 বৰ্ষত 1541জন আৰু 2019ত 1619জন লোকৰ মৃত্যু হৈছে ৷
পিডব্লিউডি বিভাগে যুগুতোৱা প্ৰতিবেদন মতে 2018 ইং, বৰ্ষত 2111, 2019ত 2102 টা পথ দূৰ্ঘটনা আৰু 2018ত 681টজন 2019ত 659 জনৰ মৃত্যু হৈছে ৷ সকলো ধৰণৰ পথত 2019ত 1’6% দূৰ্ঘটনা বৃদ্ধি পাইছে ৷ আনহাতে ভাৰতৰ ঘাইপথ মন্ত্ৰালয়ে আগবঢ়োৱা তথ্য অনুসৰি ভাৰতত মুঠ 1,51417জনৰ মৃত্যু হৈছে যিটো সমগ্ৰ বিশ্বৰ 11 শতাংংশ ৷
মুখ্য অতিথিৰ ভাষণত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়যে, পথ সমূহ যিমান সুন্দৰকৈ নিৰ্মান কৰা হৈছে দূৰ্ঘটনা সিমানেই বৃদ্ধি পাইছে, সেয়ে সংশ্লিষ্ট বিভাগে পথ সমূহত পৰ্যাপ্ত স্পীড ব্ৰেকাৰ লগাব লাগে বুলি কয় ৷ ইয়াৰোপৰি পথ সুৰক্ষাৰ সজাগতা কাৰ্যসূচী সমূহ সকলো স্তৰতে লৈ যাব লাগে বুলি মন্তব্য কৰে ৷
সাংসদ হৰেণছিং বে’ই নিজৰ ভাষণ প্ৰসংগত কয়যে পথ সমূহৰ অৱস্থা যিমানেই ভাল সিমানেই সচেতনতা হ্ৰাস হোৱাৰ বাবে দূৰ্ঘটনা বৃদ্ধি পাইছে ৷ তেওঁ কাৰবি আংলঙত দূৰ্ঘটনাৰ হাৰ শুণ্য হোৱাৰ কামনা কৰিছে৷ ইয়াৰোপৰি মুখ্য অভিযন্তা পৱন তেৰাঙে সাংবাদিকৰ আগত কয়যে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ মন্ত্ৰালয়ে দেশত দূৰ্ঘটনাৰ পৰিমান বৃদ্ধি পোৱাৰ বাবে পথ সুৰক্ষা সপ্তাহৰ পৰিৱৰ্তে মাহযোৰা কাৰ্যসূচীলৈ এইবাৰ পথ সুৰক্ষা মাহ হিচাপে পালন কৰা হৈছে ৷