সন্ত্ৰাসমুক্ত পৰিৱেশৰ জৰিয়তেহে প্ৰগতিৰ পথ প্ৰশস্ত হয়। এই দিশত এক স্মৰণীয় দিনৰ সূচনাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এন ডি এফ বিৰ ১,২৭৯ গৰাকী সদস্যৰ প্ৰতিগৰাকীকে আনুষ্ঠানিকভাৱে ৪ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰে।
মূলসুঁতিলৈ উভতি অহাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ আন্তৰিক শলাগ লয় আৰু ৰাজ্যখনৰ প্ৰগতিৰ দিশত সকলোকে নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।