বিশেষ প্ৰতিবেদন:
উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বৃদ্ধি পাবলৈ ধৰিছে শীতৰ প্ৰকোপ। জম্মু–কাশ্মীৰ, হিমাচল প্ৰদেশ, লাদাখৰ দৰে অঞ্চলসমূহত হৈছে যথেষ্ট তুষাৰপাত। এই ঠাইসমূহৰ দৃশ্য দেখাৰ পিছত আপোনাৰ জানিবলৈ মন নাযাব নে যে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ লোকসকলে এই শীতত কেনেদৰে দিন পাৰ কৰিছে ?
ৰাছিয়াৰ অইমিয়াকনস্কি জিলাত অৱস্থিত অইমিয়াকন (Oymyakon) হৈছে এখন সৰু গাঁও। ১৯২৪ চনত ৰেকৰ্ড কৰামতে অইমিয়াকনৰ তাপমাত্ৰা মাইনাছ ৭১.২° চেলছিয়াছলৈকে নামিছিল। এই ঠাইত বসবাস কৰা লোকসকলৰ যিকোনো মুহূৰ্ততে ফ্ৰষ্ট্বাইট হোৱাৰ আশংকা থাকে।
অইমিয়াকনৰ লোকসকলে শীতৰ প্ৰকোপত গাড়ীৰ বেটাৰীবোৰ বৰফ হৈ যোৱাৰ আশংকাত তেওঁলোকৰ গাড়ীবোৰৰ ইঞ্জিন বন্ধ নকৰে। শীতকালত ঠাণ্ডাৰ বতৰত ইয়াত কোনো খেতি কৰিব পৰা নাযায় বাবে অঞ্চলটোৰ আৱাসীসকলে খাদ্যৰ হিচাপে মাংস আৰু মাছ গ্ৰহণ কৰে।
ইয়াত এখন স্কুল, এটা ডাকঘৰ, বেংক আৰু বিমান অৱতৰণৰ বাবে এটা ৰানৱে আছে। শীতকালত এই গাঁওখনৰ সকলোবোৰ বস্তুৱেই বৰফেৰে ঢাক খাই পৰে। বজাৰত বিক্ৰীৰ বাবে থোৱা সামগ্ৰীসমূহ বৰফ হৈ থাকে।
ভাৰতৰ পৰা আজিলৈকে মাত্ৰ কেইজনমান পৰ্যটকহে পৃথিৱীৰ এই আটাইতকৈ শীতল গাঁওখনৰ অভিজ্ঞতা ল’বলৈ গৈছে। ইয়ালৈ যোৱা পৰ্যটকসকলক স্থানীয় প্ৰশাসনে এখন মানপত্ৰও প্ৰদান কৰে ৷