স্বাস্থ্য প্ৰতিবেদন:
তিলত এনে উপাদান আৰু ভিটামিন আছে যিয়ে অৱসাদ হ্রাস কৰাৰ উপৰি মস্তিষ্কৰ গতি বৃদ্ধি কৰে। ক’লা বা বগা উভয় প্ৰকাৰৰ তিলেই উপকাৰী। তিলে কেৱল হৃৎপিণ্ডৰ পেশীকেই ৰক্ষা নকৰে, হাড়কো মজবুত কৰে। বহু কেইটা গৱেষণাত জনা গৈছে যে তিলত থকা এন্টি অক্সিডেন্ট বহু ৰোগ নিৰাময়ত সহায়ক।
তিলে মস্তিষ্কক শক্তি দিয়ে
তিল অনেক প্রোটিন, কেলচিয়াম, খনিজ, মেগনেছিয়াম, আয়ৰন আৰু তাম জাতীয় পুষ্টি সমৃদ্ধ যি মস্তিষ্কৰ স্বাস্থ্যৰ বাবে উপকাৰী। প্রতিদিনে তিলৰ ব্যৱহাৰে স্মৃতিশক্তিক শক্তিশালী কৰি তোলে। লগতে আলঝাইমাৰ ৰোগক দূৰত ৰাখে।
হজমত সহায় কৰে
তিলত থকা ফাইবাৰ জাতীয় খাদ্যই হজমত সহায় কৰে। উচ্চ আঁহযুক্ত উপাদানে অন্ত্রৰ কার্যকাৰিতা উন্নত কৰাৰ লগতে পেটৰ সমস্যাৰ পৰা মুক্তি দিয়ে।
হাৰ্টৰ বাবে উপকাৰী
তিলত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী বৈশিষ্ট্য আছে যি হার্টৰ স্বাস্থ্যৰ বাবে উপযুক্ত। মনোজছেচুৰেটেড ফেটি এচিডবোৰো ইয়াত পোৱা যায়। ই শৰীৰৰ বেয়া কোলেষ্টেৰল হ্রাস কৰে আৰু ভাল কোলেষ্টেৰল বঢ়ায়।
হাঁপানিৰ চিকিৎসা
হাঁপানিত আক্রান্ত ব্যক্তিসকলৰ বাবে তিল অত্যন্ত উপকাৰী। তিলত মেগনেছিয়াম থাকে যিয়ে এজমা আৰু শ্বাসজনিত ৰোগ প্রতিৰোধ কৰে।
ৰক্তচাপ নিয়ন্ত্রণ কৰে
তিলৰ ব্যৱহাৰে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ৰাখে। মেগনেছিয়াম, পলিঅনছেচুৰেটেড ফেট আৰু তিলে শৰীৰৰ ৰক্তচাপৰ মাত্রা নিয়ন্ত্রণ কৰে।
তেলে চুলি শক্তিশালী কৰে
তিলৰ ব্যৱহাৰ কেৱল স্বাস্থ্যৰ বাবেই নহয় চুলিৰ বাবেও উপকাৰী। তিলৰ ওমেগা ফেটি এচিডে চুলিৰ বৃদ্ধি ঘটায় আৰু চুলিৰ ক্ষতি ৰোধ কৰে।
কেন্সাৰ প্রতিৰোধ কৰে
বগা তিলত থকা মেগনেছিয়ামত কেন্সাৰ বিৰোধী গুণ আছে। ইয়াত এন্টি-কেন্সাৰ যৌগিক ফাইটেটো আছে। ই শৰীৰত টিউমাৰ হোৱাৰ সম্ভাৱনা হ্রাস কৰি কেন্সাৰৰ বিৰুদ্ধে সুৰক্ষা দিয়ে বুলি বিশ্বাস কৰা হয়।











