বিশেষ প্ৰতিবেদন:
শিশুসকলৰ অতিকৈ মৰমৰ কৌতুক অভিনেতা মিষ্টাৰ বিনৰ অভিনয় জগতখনৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱেই জানে ৷ কিন্তু তেখেতৰ অভিনয়ৰ দিশটোৰ বাহিৰে আনবোৰ নজনা দিশ জানিবলৈ মন নাযায়নে? জানো আহক মিষ্টাৰ বিনৰ অন্তৰালৰ প্ৰকৃত মেধাবী ব্যক্তিজনক ৷
বিজ্ঞান বিভাগৰ এজন মেধাবী ছাত্ৰ হিচাপে পৰিচিত আট্কিনচনে নিউকেচেল বিশ্ববিদ্যালয়ৰপৰা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰি অক্সফৰ্ডৰ কুইনচ্ মহাবিদ্যালয়ৰপৰা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷
২০০৬ চনত তেখেতে অনাৰেৰী ফেল’ হিচাপে স্বীকৃতি পায় ৷ অভিনয় জগতলৈ অহাৰ আগতে আট্কিনচন সম্পূৰ্ণ ৰূপে গৱেষণা কাৰ্যত ব্যস্ত আছিল ৷