নিউজ ডেস্কঃ
ব্রহ্মপুত্রৰ ওপৰত বান্ধ বান্ধি জলবিদ্যুৎ কেন্দ্র নির্মাণৰ বাবে অগ্ৰসৰ হৈছে চীন। অহা বছৰৰ পৰাই আৰম্ভ হ’ব চীনৰ চতুর্দশ পঞ্চবার্ষিক পৰিকল্পনা। সেই পৰিকল্পনাৰ অধীনত আছে এই প্রকল্প। বান্ধ নিৰ্মাণ হ’লে বিপদত পৰিব পাৰে অসম তথা ভাৰত। সৃষ্টি হ’ব পাৰে তীব্ৰ জলসংকট।
গ্লোবেল টাইমছৰ এক প্রতিবেদনত প্রকাশ হৈছে এই বান্ধ নিৰ্মাণৰ খবৰ। য’ত চীনৰ পাৱাৰ কনষ্ট্ৰাকচন কর্প’ৰেচনৰ অধ্যক্ষ ইয়ান জিয়ঙে জনাইছে, ইয়াৰলাং জাংবো (চীনত ব্রহ্মপুত্র এই নামেৰে পৰিচিত) নদীত বান্ধ দিয়া হৈছে। ইয়াৰ ফলত আভ্যন্তৰীণ নিৰাপত্তাত সুবিধা হ’ব।
পানীৰ যোগানো বৃদ্ধি পাব। ২০৩৫ চনৰ ভিতৰত ইয়াৰ কাম শেষ কৰা হ’ব। অহা বছৰৰ ভিতৰতেই প্রকল্পৰ পুঙ্খানুপুঙ্খ পৰিকল্পনা প্রকাশ কৰা হ’ব।
চীনৰ এই পৰিকল্পনাৰ কথা প্রকাশ হোৱাৰ লগে লগেই তীব্ৰ চাপত পৰিছে ভাৰত আৰু বাংলাদেশ। ভাৰতে বাৰম্বাৰ আবেদন জনাই আহিছে যে ব্রহ্মপুত্রৰ উচ্চ অৱবাহিকাত বান্ধ নিৰ্মাণৰ ফলত নিম্ন অৱবাহিকাত অৱস্থিত দেশবোৰ যাতে কোনো কাৰণতেই ক্ষতিৰ সন্মুখীন নহয়। চীনে অৱশ্যে জনাইছে, দুয়োখন দেশৰ স্বার্থ মনত ৰাখিব তেওঁলোকে।