অৱশেষত আজি ঘোষণা কৰা হ’ল বহু প্ৰতীক্ষিত বিটিচিৰ নিৰ্বাচনৰ দিন। ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব দুটা পৰ্যায়ত৷ অহা ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিটিচৰ নিৰ্বাচন৷
৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ওদালগুৰি আৰু বাস্কা জিলাত।আনহাতে, অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্য়াযৰ ভোটগ্ৰহণ। কোকৰাঝাৰ আৰু চিৰাং জিলাত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।পুৱা ৭.৩০ বজাৰ পৰা বিয়ল ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ভোটগণনা অনুষ্ঠিত হ’ব ১২ ডিচেম্বৰত।