নিউজ ডেস্কঃ
দেৱালী হ’ব পাৰে নেকি মৰণ ফান্দ? এই ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণক সতর্ক কৰিছে চিকিৎসক তথা বিজ্ঞানীসকলে। কৰোনাই শ্বাসতন্ত্রক আক্রমণ কৰে, তাৰ ওপৰত আতচবাজীৰ ধোঁৱাই বতাহত প্ৰদূষণৰ মাত্রা বঢ়ালে সেয়া প্রাণঘাতী হ’ব পাৰে মানুহৰ বাবে। পৰিস্থিতি বিবেচনা কৰি সেয়ে চিকিৎসকসকলৰ যৌথমঞ্চৰ আবেদন, কালীপূজা-দীপাৱলীত সম্পূর্ণ নিষিদ্ধ হওক আতচবাজী-ফটকা। এই পৰিস্থিতিত বায়ু প্ৰদূষণ সম্পূর্ণ বন্ধ কৰিব নোৱাৰিলে কোভিড আক্রান্তসকলৰ মৃত্যু বাঢ়িব হোৰাহোৰে, এই সতৰ্কবাণী বিশেষজ্ঞসকলৰ।