নিউজ ডেক্স:
পেছাত বাছ কন্ডাক্টৰ। স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে বিএডও আছে। কিন্তু এনে এজন মানুহৰ ভিতৰত যে জঘন্য মানসিকতা লুকাই থাকিব তাক কোনে জানে! বিভিন্ন বয়সৰ মহিলাসকলক চৰকাৰী চাকৰিৰ টোপ দি শাৰীৰিক সম্পর্ক স্থাপন কৰাবলৈ বাধ্য কৰি সেই দৃশ্যৰ ভিডিও বিক্ৰী কৰিয়েই লক্ষ লক্ষ টকা উপাৰ্জন কৰিছিল সেই পাষণ্ডটোৱে। অৱশেষত আৰক্ষীৰ জালত অভিযুক্ত।
আৰক্ষীৰ জেৰাত মুখে অভিযুক্তই স্বীকাৰ কৰিছে, ২০১৯ চনৰ জুনৰ পৰা নৱেম্বৰৰ ভিতৰত ৫ লক্ষ টকা উপাৰ্জন কৰিছে এই ধর্ষণৰ ভিডিওবোৰ বিক্ৰী কৰি। অভিযুক্তৰ পৰা ৬২টি ক্লিপ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
সেইবোৰ ইতিমধ্যেই এটি পর্নোগ্রাফি ৱেবছাইটত আপলোড কৰিছে। কিন্তু ভিডিওবোৰত নিজে প্রকাশ্যে অহা নাই। কিন্তু মহিলাগৰাকীৰ ওপৰত যাতে কেমেৰৰ ফকাছ সম্পূৰ্ণভাবে থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল মিউনিচিপাল কর্পৰেচনৰ কন্ডাক্টৰজনে।