স্বাস্থ্য প্ৰতিবেদন:
ডায়েবেটিছ হ’লে মিঠাতো বাদেই, ভাত–আলুও নাথাকে খাদ্য তালিকাত। উপস্থিত হয় ‘ছুপাৰ ফুড’। কেৰেলা–লাউৰ ৰস, মেথি ভিজোৱা পানী, কেঁচা হালধিসহ শাক–প্চলি। চৰবত, ঠাণ্ডা পানীয়ৰ স্থানত আহে আমলা–এলোভেৰা জুইচ।
মাছ–মাংসৰ অৱস্থাও তথৈবচ। ৰেড মিটৰ প্রশ্নতো নায়েই।এটা কণী খাব গ’লেও হাজাৰটা প্রশ্ন। তৈলাক্ত মাছত উচ্চ কেলৰি, সেয়ে সেয়াও প্রায় নিষেধ।
তেনেহ’লে খাব কি? ডায়েবেটিক ডায়েট? কিন্তু বিজ্ঞানীসকলে যি কৈছে ডায়েবেটিক ডায়েট বুলি একো নাই।
ডায়েবেটিছত আলু খাব পাৰেনে?
অৱশ্যে আলুত গ্লাইছিমিক ইনডেক্স (জিআই) বেছি।অর্থাৎ ৰক্তত অতি সোনকালে ছুগাৰ বঢ়াই দিয়ে।কিন্তু নিয়মমতে খালে আৰু লগতে অন্য শাক–পাচলি মিহলাই ল’লে ফাইবাৰৰ বাবে সম্পূৰ্ণ খাদ্যৰ জিআই কমি যায়।তেতিয়া তাক নিশ্চিন্তে খাব পৰা যায়।’’
পুষ্টিবিদ প্রিয়ঙ্কা মিশ্রই কয়, ‘’আলু ভাজা নহয়, খাব লাগিব সিদ্ধ কৰি বা তৰকাৰী কৰি।আনহাতে, কেৱল আলু–ভাত নাখায় আলু–উহাই, আলু–পটল বা আলু–বেঙেনা ভাত খালে পুষ্টি যেনেদৰে বেছি পাব, সোনকালে ছুগাৰো নাবাঢ়ে।আৰু কোনোবা দিনা যদি আলু সিদ্ধ বা আলুৰ তৰকাৰী খোৱাৰ ইচ্ছা থাকে, সিদিনা ভাত–ৰুটি অলপ কম খালেই সমস্যা সমাধান হ’ব।’’
ফাইবাৰসমৃদ্ধ সুষম খাদ্য খাব লাগিব
বহুতে ভাবে, ডায়েবেটিছ হ’লে কার্বোহাইড্রেট আৰু ফেট কমাই খাব লাগে, কথাটো তেনে নহয়। মুঠ কেলৰিৰ ৫০ শতাংশৰ বেছি কার্বহাইড্ৰেটৰ পৰা নাহিলেই হ’ল আৰু সেয়া যেন ফাইবাৰসমৃদ্ধ হয়।সেয়ে ময়দাৰ সলনি হ’ল-গ্রেইন আটা, বগা চাউলৰ সলনি ব্রাউন বা ৱাইল্ড ৰাইচ, বগা পাউৰুটিৰ সলনি ব্রাউন ব্রেড, ফলৰ ৰসৰ সলনি গোটা ফল খাবলৈ কোৱা হয়।পাচলি, দাইল খাব লাগে।
পাচলি আৰু ফল দিনত ১০০ গ্রামমান খোৱা দৰকাৰ।আম–কলো মাজে-সময়ে দুই–এক টুকুৰা খাব পাৰে।মিঠাও ন মাহ ছয় মাহত খাব পাৰে।কিন্তু ভৰা পেটত, ফাইবাৰসমৃদ্ধ খাদ্যৰ লগত।
কিডনি ঠিকে থাকিলে প্রতি কেজি ওজনৰ বাবে এক গ্রামৰ হিচাবত খাওক।কণীৰ কুহুম বাদ নিদিব, গোটা কণী খাওক প্ৰতিদিনে।মাছ খাওক দিনত ১০০ গ্রামমানকৈ।চিকেনৰ বুকুৰ অংশ খাব পাৰে।ৰেড মিট একেবাৰে বাদ নিদিব।মাংসৰ কম চর্বিৰ অংশ মাহ-দুমাহত এবাৰ খাব পাৰে।
সৌজন্য : আনন্দবজাৰ পত্ৰিকা