জয়ছিং টকবি :
ডিফু : বহুজাতিক সাংস্কৃতিক আগ্ৰাসনৰ বিৰুদ্ধে স্বকীয় থলুৱা বৈশিষ্ট্যপূৰ্ণ সংস্কৃতিৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু সংবর্ধনৰ মহৎ উদ্দেশ্যেৰে ১৯৯৩ চনৰ পৰা আৰম্ভ কৰা মাণ্ডলিক কাৰবি যুৱ মহোৎসৱে এইবাৰ ২৮ সংখ্যক বর্ষত ভৰি দিলে।
কাৰবি কালচাৰেল চচাইটিৰ অন্তর্গত কাৰবি আংলঙৰ ২৫ টা, ডিমা হাছাও আৰু কামৰূপত এখনকৈ মাণ্ডলিক সমিতিৰ উদ্যোগত ২৭ টা বিভিন্ন প্ৰান্তত স্বকীয় থলুৱা সংস্কৃতিৰ প্রতি অসীম মমতা আৰু ভালপোৱাৰে একেই উছাহ-উদ্যমেৰে উলহ মালহেৰে ২৮ সংখ্যক মাণ্ডলিক কাৰবি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে।
পূব কাৰবি আংলঙৰ দনছুৰি হাৱাৰ আমেইয়ে জাপাৰালাংছৰ জুতাং আক্লামত উদযাপন কৰা ২৮ সংখ্যক মাণ্ডলিক কাৰবি যুৱ মহোৎসৱত কাৰবি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য জগতছিং ইংতিয়ে বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰা অনুষ্ঠানত বোকাজানৰ বিধায়ক ডা৹ নোমল চন্দ্ৰ মমীনে প্রতিযোগিতাৰ মঞ্চ শুভ উদ্বোধন কৰে।
কাৰবি কালচাৰেল চছাইটিৰ কেন্দ্ৰীয় সমিতিৰ প্রতিনিধি আৰু পর্যবেশক ৰূপে বিশিষ্ট লোকশিল্পী শৰৎ চন্দ্ৰ বে আৰু জয়ছিং টকবিয়ে অংশ গ্ৰহণ কৰে। জাপাৰালাংছ’, হানজাংলাংছ’, পাটৰ ছার্প, হেম্ফু, তকলাংছ’, ৰাংছিনা, ৰূপতালি, ৰংচেদন, মিৰহেৰাই, আতুৰকিমি, লংছেক আংলং, ক্লিৰদাপ আৰু ৰংকেথে আদি কে চি এছ ইউনিটৰ শিল্পী সকলে লোক সংস্কৃতিৰ বিভিন্ন প্রতিযোগিতাত অংশ গ্ৰহণ কৰি উৎসৱৰ ৰং চৰায়।