বিশেষ প্ৰতিবেদন:
ডায়েবেটিছ ৰোগীয়ে চেনী মুখত নিদিয়ে৷ কাৰণ তাৰ পাছত ফলাফল ভয়াৱহ হৈ পৰে৷ অৰ্থাৎ চেনী খালে ডায়েবেটিছৰ মাত্ৰা বাঢ়ি যায়৷ আনহাতে চেনী হ’ল পুষ্টিহীন কেলৰী৷ চেনী খোৱা মানুহৰ ওজন বৃদ্ধি পোৱাটো স্বাভাৱিক৷ তদুপৰি চেনী খালে হৃদযন্ত্ৰ আৰু যকৃত অসুস্থ হৈ পৰাৰ লগতে হৰমনৰ মাত্ৰা উঠা-নমা কৰে৷
সংক্রামক ৰোগত মানুহ যেতিয়া আক্রান্ত হয়, তাতকৈ বেছি মানুহ অসুস্থ হয় চেনীৰ বিষ ক্রিয়াত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপ মতে পুৰুষে দিনে ৯ চামোচ আৰু মহিলাই ৬ চামোচৰ বেছি চেনী খাব নালাগে৷
আমেৰিকা চৰকাৰৰ ডায়াটেৰী গাইড লাইন অনুযায়ী দিনে যিমান কেলৰী আমি খাও তাৰ ১০–১৫ শতাংশ কমাই অহা উচিত চেনী৷ বিভিন্ন সমীক্ষাৰ পৰা জানিব পৰা গৈছে ১০–১৫ শতাংশটো বাদেই বহু সময়ত ২৫ শতাংশও নামানে এই কথা নামানে৷