ষ্টাফ ৰিপ’ৰ্টাৰ:
সদ্যগঠিত ৰাইজৰ দলে ৰাজহুৱা কৰিলে সংবিধানৰ খচৰা। ক্ষমতালৈ আহিলে এই দলে অসমলৈ ঘূৰাই আনিব বিশেষ ৰাজ্যৰ মৰ্যাদা। বিজেপিয়ে কৰ্তন কৰা মৰ্যাদাক আকৌ ঘূৰাই অনাৰ আশ্বাস প্ৰদান ৰাইজৰ দলৰ।
ৰাইজৰ দলৰ খচৰা সংবিধান ৰাজহুৱা কৰি এই মন্তব্য কৰিলে ভাস্কো দি শইকীয়াই। অসম চুক্তিৰ ৬ নং দফাত উল্লেখিত সামাজিক, সাংস্কৃতিক, ভাষিক, ঐতিহ্য সুৰক্ষাৰ সমান্তৰালকৈ চুক্তিত উল্লেখ নথকা অৰ্থনৈতিক, ৰাজনৈতিক, সাংবিধানিক আৰু আইনগত সুৰক্ষাৰো কবচ নিশ্চিত কৰিব ৰাইজৰ দলে। যাৰ জৰিয়তে ৰাজ্যত বাস কৰা প্ৰতিজনে সমমৰ্যাদা আৰু সম অধিকাৰ লাভ কৰিবলৈ সক্ষম হ’ব।
ইয়াৰ লগতে অসমত এক সবল জাতীয় অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলাৰ প্ৰস্তাব খচৰাত উত্থাপন কৰিলে নতুনকৈ গঢ় লোৱা ৰাইজৰ দলে। ৪৪ পৃষ্ঠা আৰু ২২ টা অনুচ্ছেদ থকা খচৰাত এতিয়ালৈ দলৰ পতাকা , নিৰ্বাচনী প্ৰতীক স্থিৰ কৰা নাই যদিও ৰাইজৰ পৰামৰ্শৰ ভিত্তিতহে এই দলৰ পতাকা আৰু প্ৰতীক স্থিৰ হ’ব ৷
সদস্য ভৰ্তি পৰ্বৰো কিছু ব্যৱস্থা ৰখা হৈছে ৷ দলৰ সক্ৰিয় সদস্যই নিৰ্বাচনত কৰিব পাৰিব প্ৰতিদ্বন্দিতা ৷ উল্লেখ্য যে, দলৰ খচৰা এতিয়া অসমৰ ৰাইজৰ হাতলৈ আগবঢ়াই দিছে ৷ অসমৰ জনতাৰ পৰামৰ্শৰ ভিত্তিত দলে সংবিধানৰ সংশোধন, অন্তৰ্ভুক্তিৰ ব্যৱস্থাৰ ৰাখিছে ৷ আগন্তুক দলৰ অভিৱৰ্তনত সম্পূৰ্ণ ভাবে প্ৰকাশ পাব দলৰ সংবিধান।