পুনৰ ভাৰতীয় ধনকুবেৰৰ তালিকাত প্রথম স্থানত মুকেশ আম্বানি। ভাৰতীয় ধনকুবেৰসকলৰ এই তালিকা প্রকাশ কৰি আহিছে ফোর্বছে। মুকেশ আম্বানি ক্ৰমাগত ১৩ বছৰ ধৰি এই তালিকাৰ শীর্ষত আছে।
ভাৰতীয় এইগৰাকী ধনকুবেৰে তেওঁৰ সম্পত্তিত ৩৭.৩ বিলিয়ন ডলাৰ যুক্ত কৰিছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮৮.৭ বিলিয়ন ডলাৰ। সম্পত্তি বৃদ্ধিৰ পৰিমাণ ৭৩ শতাংশ।
কোভিড পৰিস্থিতিয়ে আঘাত হানিছে ভাৰতীয় অর্থনীতিত। কিন্তু ভাৰতৰ প্রথম ১০০ ধনীৰ অর্ধেকৰো বেছি আৰু ধনী হৈছে এই পৰিস্থিতিতে। ফোর্বছৰ ধনী ভাৰতীয় ২০২০ৰ তালিকাত সেয়াই পৰিলক্ষিত হৈছে। সকলোৰে সম্পত্তি একেলগে হিচাব কৰিলে বৃদ্ধিৰ পৰিমাণ ১৪ শতাংশ। এই বছৰৰ আৰম্ভণিৰ পৰা সম্পত্তি ববাঢ়িছে ৫১৭.৫ বিলিয়ন ডলাৰ। এই লাভৰ অর্ধেকৰো বেছি গৈছে মুকেশ আম্বানিৰ জোলোঙাত।
দেশব্যাপী লকডাউনৰ ফলত য’ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত প্ৰভাৱ পৰিছে, তেনে সময়ত মুকেশ আম্বানিৰ আয় হৈছে জিঅ প্লেটফর্মৰ পৰা। ২০ বিলিয়ন ডলাৰৰ বেছি আয় হৈছে। অন্যহাতে ৰিলায়েন্স ৰিটেইলৰ পৰা আয় বাঢ়িছে ৫ বিলিয়ন ডলাৰ।