শিক্ষা ব্যৱস্থাত কোভিডৰ প্ৰভাৱে ভয়াৱহ আকাৰ লৈছে। কেৱল পাঠদানেই নহয়, বেচৰকাৰী স্কুলসমূহ চলোৱাৰ ক্ষেত্রতো কোভিড এক ডাঙৰ প্রতিবন্ধক হৈ পৰিছে। ফলত দেশৰ প্রায় ১ হাজাৰ বেচৰকাৰী স্কুল বিক্রী হোৱাৰ পথত! স্কুলবোৰ বচাবলৈ গ’লে প্রায় চাৰে ৭ হাজাৰ কোটি টকা বিনিয়োগৰ প্রয়োজন। সম্প্রতি এক সমীক্ষাত এই ভয়াৱহ ছবি পোহৰলৈ আহিছে। সমীক্ষাটো কৰিছে শিক্ষা ক্ষেত্রৰ সৈতে জড়িত ‘ছেৰেষ্ট্ৰা ভেনচাৰ্ছ’ নামৰ এটি সংস্থাই।
সেয়ে বহুতেই স্কুলৰ মালিকীস্বত্ত্ব হস্তান্তৰৰ সিদ্ধান্ত লৈছে। ফলত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈও দুৰ্ঘোৰ আশংকাৰ সৃষ্টি হৈছে।সমীক্ষা অনুযায়ী, দেশৰ ৮০ শতাংশ শিক্ষা প্রতিষ্ঠান বেচৰকাৰী বিনিয়োগত চলে। এই শিক্ষা প্রতিষ্ঠানসমূহৰ বার্ষিক মাচুল ন্যূনতম ৫০ হাজাৰ টকা।
ছেৰেষ্ট্ৰাৰ বিশাল গোৱেলে কয়, “কৰোনা পৰিস্থিতিৰ কথা মনত ৰাখি বহু ৰাজ্য চৰকাৰে বেচৰকাৰী স্কুলবোৰৰ মাচুল বান্ধি দিছে। ফলত তাৰপৰাও এটা সমস্যা সৃষ্টি হৈছে।” তেওঁ কয়, “স্কুলৰ সামগ্রিক খৰচ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বেতন পূৰণ কৰিবলৈ এক বিশাল অঙ্কৰ ধনৰ প্রয়োজন। কিন্তু বর্তমান স্কুলসমূহ বন্ধ থকাত পৰিস্থিতি আৰু ভয়াৱহ হৈ উঠিছে।
বেতন দিব নোৱাৰি কোনো কোনো স্কুলে শিক্ষক চাটাই কৰিছে, ক’ৰবাত আকৌ শিক্ষকসকলৰ বেতন কাটি লোৱা হৈছে।” সেয়ে এনে পৰিস্থিতিত অতিৰিক্ত ব্যয়ভাৰ বহন কৰিবলৈ নোৱাৰি বহুতো স্কুলৰ মালিকে বিক্রীৰ পথত আগবাঢ়িছে বুলি গোৱেলে দাবী কৰে। ছেৰেষ্ট্ৰাৰ সমীক্ষাত লগতে কোৱা হৈছে, কর্নাটক-মহাৰাষ্ট্র-তেলেঙ্গানাত এনে ২০-২৫খন স্কুল আছে যিবোৰে মালিকানা হস্তান্তৰৰ বাবে ক্রেতা বিচাৰিছে।