নিউজ ডেস্কঃ
কেৱল পশ্চিম বংগতে নহয়, কেৰালাত গ্ৰেপ্তাৰ হ’ল তিনিটা আল–কায়দা সন্ত্ৰাসবাদী৷ কেৰালাৰ এৰ্ণাকুলামৰ বিভিন্ন ঠাইত তালাচী চলাই শনিবাৰে এনআইএয়ে গ্ৰেপ্তাৰ কৰে তিনিটা সন্ত্ৰাসবাদী৷ ধৃত সন্ত্ৰাসবাদীকেইটা হ’ল মোছাৰফ হুছেইন, মুৰ্ছিদ হাচান আৰু ইয়াকুব বিশ্বাস।
এই সন্ত্ৰাসবাদীকেইটাৰ পৰা নথিপত্র, জেহাদি সাহিত্য, অস্ত্রশস্ত্র, বিস্ফোৰক নিৰ্মাণৰ নথি, সৰঞ্জাম পোৱা গৈছে৷