অজন্তা তালুকদাৰ
বোকাখাত : সংহাৰী ৰূপ লৈ ক’ভিড আতংকই কঁপাইছে বোকাখাত। আজিৰ তাৰিখলৈকে বোকাখাত মহকুমাত ক’ভিড-১৯ত আক্রান্ত হৈছে ১২০০ৰো অধিক লোক। মৃত্যু হৈছে ৭ জন। বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, স্বাস্থ্য কৰ্মীসহ আক্রান্ত হ’ল ১৫ জন লোক। বৰ্তমান বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ল বহিঃ বিভাগ বন্ধ ৰখা হৈছে। বোকাখাতৰ ইউ বি আই শাখা ক’ভিডৰ বাবে বন্ধ হৈ আছে।
ইফালে ইমান ভয়াবহ পৰিস্থিতিৰ পাছটো ক’ভিড-১৯ৰ নীতি-নিয়ম উলংঘা কৰি বোকাখাতত একাংশই দেখুৱাইছে মৰসাহ। অলপতে পাৰ হৈ যোৱা বিশ্বকৰ্মা পূজা উপলক্ষ্যে চহৰখনত লোকে লোকাৰণ্য হৈ ক’ভিড প্ৰটকল মষিমূৰ কৰা দেখা গ’ল। বোকাখাতৰ বেংক, দৈনিক বজাৰ আদি সম্পূৰ্ণ জনসমাগম হৈ উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰিছে। এই সকলৰ বিপক্ষে কঠোৰ পদক্ষেপ গ্রহণ নকৰাটোও ক’ভিড-১৯ সংক্ৰমণৰ অন্যতম কাৰণ ৰূপে চিহ্নিত হৈছে। কালি বোকাখাতৰ আগশাৰীৰ ব্যৱসায়ী, মধুমিতা হোটেলৰ মালিক, গুণীন ভঁৰালী, গোঁসাই বাৰীৰ ৰেহেনা বেগম (৫৫), নাহৰজান তিনিআলিৰ সাদৰী ভট্টৰ লগতে, ৰমেন্দ্ৰ দেৱ নামৰ আন এজন লোক ক’ভিড-১৯ত মৃত্যু হৈছে।