আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ বহু কেইটা ছবিঘৰলৈ সাহায্য আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, অভিনেতা যতীন বৰা, আশা বৰদলৈ, প্ৰাঞ্জনা দত্ত, শান্তা উজিৰ, ভূপেন উজিৰ, মালবিকা বৰা, মৃদুলা বৰুৱাকে ধৰি ছবিজগতৰ বহু বিশিষ্ট ব্যক্তি।
উল্লেখ্য যে পুৰণি ছবিঘৰ পুনৰ নিৰ্মাণ আৰু নতুন ছবিঘৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৰাজসাহায্য৷ তাৰেই অংশ হিচাপে আজি ১০টা ছবিগৃহলৈ প্ৰদান কৰা হয় ৰাজসাহায্য৷
ইয়াৰে ভিতৰত ঐতিহ্যমণ্ডিত জোনাকী ছবিঘৰলৈ আগবঢ়োৱা হয় ১ কোটি টকাৰ সাহায্য৷ আন ৫টা পুৰণি ছবিগৃহলৈ প্ৰদান কৰা হয় আৰ্থিক সাহায্য৷
আনহাতে নতুন ছবিগৃহ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব উৰ্ধ্বতন ৭৫ লাখ টকালৈকে৷ পুৰণি ছবিঘৰ মেৰামতিৰ বাবে ২৫ লাখ আৰু বন্ধ হৈ থকা ছবিগৃহ পুনৰ খোলাৰ ক্ষেত্ৰত ৫০ লাখকৈ সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে৷
আজি ৪০% শতাংশকৈ সাহায্যৰ ধন আগবঢ়োৱা ছবিগৃহ কেইটা হৈছে জোনাকী, কেলভিন, জলিমেক্স, ছায়া, পিজি এণ্টাৰপ্ৰাইজৰ ছবিগৃহ, ইন্দ্ৰপুৰী, অনুৰাধা, নক্ষত্ৰ, মায়াপুৰী আৰু নাজিৰা বোলছবি৷