ছাইদুল ইছলাম:
ডিফু : কাৰ্বি আংলঙৰ অসমীয়া সাহিত্য জগতত সংযোজনৰ পথত আন এক তথ্য সম্বলিত মহান গ্ৰন্থ ৷ পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ বিশিষ্ট লেখক সাংবাদিক বৰছিং ৰংফাৰৰ জ্ঞান ভাণ্ডাৰৰ পৰা নিৰ্গত হোৱা “কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস” দ্বিতীয় সংস্কৰণৰ এক তথ্য সম্বলিত মূল্যৱান গ্ৰন্থ ৷
গ্ৰন্থখন অহা ১৪ ছেপ্টেম্বৰ সোমবাৰে ডিফু লৰুলাংছ ‘স্থিত ৰাংছিনা ছাৰপ’ কালচাৰেল হলত আনুষ্ঠানিকভাৱে উন্মোচন কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ বৰছিং ৰংফাৰৰ দ্বাৰা ৰচিত “কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস” ২০০৫ চনত প্ৰকাশিত প্ৰথম সংস্কৰণৰ সোৱাদ ইতিমধ্যে পাঠক সমাজে লাভ কৰিছে ৷ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণৰ একপিও বজাৰত নাই গোটেই কেইখন গ্ৰাহকে ক্ৰয় কৰিছে ৷
আজি আছাম টাইমছ পষ্টৰ তৰফৰ পৰা এক আছুতীয়া সাক্ষাৎকাৰ ল’বলৈ বৰছিং ৰংফাৰৰ বাসগৃহত উপস্থিত হৈ গ্ৰন্থখনৰ বিষয়ে এটি চমু আভাষ পোৱা যায় ৷ গ্ৰন্থখনত জিলাখনৰ প্ৰাক্ স্বাধীনতাৰ পৰা স্বৰাজোত্তৰ কাললৈ কাৰ্বি আংলঙৰ ভৌগলিক পৰিসীমা, কাৰ্বিসকলৰ ইংৰাজ মিচনাৰীসকলৰে সম্পৰ্ক, কাৰ্বি জাতিৰ উত্থান-পতন, ৰাজনৈতিক ইতিহাস, নিৰ্বাচন কেন্দ্ৰিক ফলাফল, বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ এএছডিচিৰ উত্থান-পতন, বিজেপিৰ উত্থান ইউপিডিএছৰ বুজাবুজি চুক্তি, উগ্ৰপন্থীৰ উত্থান আৰু জিলাখনত কাৰ্বি জাতিৰ সৈতে সংঘটিত বিভিন্ন জনগোষ্ঠীৰ সংঘাত আদি বিষয়ৰ ওপৰত বৰছিং ৰংফাৰে তথ্য সম্বলিত ৰূপত আভাষ দাঙি ধৰিছে ৷ ২০১৫ চনত বৰছিং ৰংফাৰে “গোষ্ঠী সংঘাত আৰু কাৰ্বি আংলং” নামৰ আন এখন গ্ৰন্থ প্ৰকাশ কৰিছিল, এই গ্ৰন্থখনেও পাঠক সমাজত যথেষ্ঠ সমাদৰ লাভ কৰিছিল বুলি পাঠক সমাজে ইতিমধ্যে প্ৰমাণ কৰিছে ৷
ইয়াৰোপৰি ৰংফাৰে কয় যে, এই গ্ৰন্থখনৰ জৰিয়তে, নৱ প্ৰজন্ম, ইতিহাসৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰী, ৰাজনিতীবিদ, বুদ্ধিজীৱিসকল উপকৃত হ’ব পাৰিব ৷ আনহাতে অসমীয়া ভালদৰে পঢ়িব নোৱাৰা বুজি নোপোৱা পাঠক আৰু নৱ প্ৰজন্মৰ তাগিদাৰ বাবে অহা বছৰ “কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস”ৰ ইংৰাজী সংস্কৰণ উলোৱাৰ বাবেও চিন্তা চৰ্চা কৰি আছে বুলি কয় ৰংফাৰে৷ মুঠতে গ্ৰন্থখনে ডিজিটেল আৰু ছ’চিয়েল মেডিয়াৰ ঈৰ্শনীয় উত্থানৰ সমান্তৰালকৈ বৰছিং ৰংফাৰৰ জৰিয়তে ৰচিত গ্ৰন্থ প্ৰতি পাঠকৰ দৃষ্ঠি আশা কৰা ধৰণেই সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে৷