দুসপ্তাহৰ ভিতৰত ঋণ স্থগিতৰ বিষয়ত নির্দিষ্ট সিদ্ধান্ত জনাব লাগিব চৰকাৰে৷ এই নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ। উল্লেখ্য যে ক’ৰোনা ভাইৰাছ সংকটৰ কাৰণে ঋণ গ্ৰহণকাৰীসকলৰ ইএমআইৰ বোজা শিথিল কৰাৰ উদ্দেশ্যে ঋণ পৰিশোধৰ ওপৰত সাময়িক স্থগিতাদেশ দিয়া হৈছিল৷
এতিয়া সেই সময়সীমা আৰু সুতৰ বিষয়ত নির্দিষ্ট ঘোষণা কৰিবলৈ কেন্দ্রীয় চৰকাৰক দুসপ্তাহ সময় দিয়ে দেশৰ শীৰ্ষ আদালতখনে৷ এই প্ৰসংগত ছুপ্রিম কোর্টৰ তিনিজনীয়া বিচাৰকৰ বিচাৰপীঠে জনায় যে, আমি কেন্দ্রীয় চৰকাৰক দুসপ্তাহৰ সময় দিলো৷ এই সময়ৰ ভিতৰতে তেওঁলোকে নির্দিষ্ট সিদ্ধান্ত গ্রহণ কৰিব লাগিব। লগতে এইখিনিয়েই আৰবিআই আৰু কেন্দ্রীয় চৰকাৰক দিয়া শেষ সময়সীমা বুলিও জনায় ছুপ্রিম কোর্টে।
উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ কাৰণে ঋণীসকলৰ ওপৰত পৰা আর্থিক বোজা লাঘৱ কৰাৰ উদ্দেশ্যে ৰিজার্ভ বেংকে ইএমআইৰ ওপৰত সাময়িক স্থগিতাদেশ জাৰি কৰিছিল। সেই বিলম্বিত ইএমআইৰ সুত ৰেহাইৰ একাধিক আবেদনৰ শুনানিত শীর্ষ আদালতে চৰকাৰক নির্দিষ্ট পৰিকল্পনা দাখিলৰ নির্দেশ দিয়ে।
কেন্দ্রৰ তৰফৰ পৰা ছুপ্রিম কোর্টক জনোৱা হয় যে বিষয়টোক লৈ চৰকাৰৰ শীর্ষ স্তৰত আলোচনা চলি আছে। আনহাতে, ঋণীসকলক কিছু সকাহ দিয়াৰ বাবে চৰকাৰে বেঙ্ক আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে ইতিমধ্যে কেইবাবাৰো আলোচনা কৰিছে বুলি ছুপ্রিম কোর্টত চৰকাৰৰ তৰফৰ পৰা জনোৱা হয়।