আপুনি নিশ্চয় বিশ্বৰ বহু ব্যয়বহুল বস্তু সম্পর্কে শুনিছে। লগতে আপুনিও হয়তো বহু দামী বস্তু কিনিছে৷ কিন্তু আজি ইয়াত আপোনালোকক বিশ্বৰ সকলোতকৈ দামী আমৰ সম্পর্কে ক’ব বিচৰা হৈছে। আমি সকলোৱেই সাধাৰণ দামত বহুবাৰ আম কিনিছো৷ কিন্তু ইয়াত যি আমৰ কথা উল্লেখ কৰিব যোৱা হৈছে সেয়া হ’ল বিশ্বৰ সকলোতকৈ ব্যয়বহুল আম।
ইয়াত যি আম সম্পর্কে ক’বলৈ যোৱা হৈছে, তাৰ ১ কেজি আম বিক্ৰী হয় প্রায় ৩-৪ লাখ টকাত। এটা হ’ল জাপানৰ মিয়াজাকি প্রদেশৰ কথা। ‘ তাইয়ো নো তামাগো’ (সূর্যৰ কণী) হ’ল এনে এক প্ৰজাতিৰ আম, যি সম্পূৰ্ণ জাপানতে বিক্ৰী হয়। কথিত আছে, প্রতি বছৰে এই বিশেষ আৰু ব্যয়বহুল আম বজাৰত পোৱা যায়। এই আমৰ দাম আকাশলংঘী আৰু মানুহে এই আমৰ বাবে কেইবা লাখ টকা দিবলৈ প্রস্তুত।
২০১৭ চনত এই আমবোৰ ৩৬০০ ডলাৰ (৭২ হাজাৰ টকা)ত বিক্ৰী হৈছিল। বিশ্বাস নকৰিলেও এইটো সত্য। প্রতিটো আমৰ ওজন আছিল ৩৫০ গ্রাম। এতিয়া ইয়াৰ দ্বাৰা আপুনি অনুমান কৰিব পাৰিব যে ১ কেজি আম কিনিবলৈ কিমান টকা দিব লাগিব।