কৰোনা সংক্ৰমণৰ লগে লগে সমগ্ৰ পৃথিৱীৰে শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ পৰে৷ ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণত প্ৰভূত ক্ষতি হয়৷ এনে সময়তে অনলাইন পদ্ধতিত শিক্ষা দান কৰা ব্যৱস্থাটো গঢ় লৈ উঠে৷ তাৰ লগে লগে বহু অনলাইন এপৰ সৃষ্টি হয়৷ ইয়াৰ মাজতে স্নাতক আৰু স্নাতকোত্তৰ মহিলা-যুৱতীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে এটা ষ্টাৰ্টআপ কোম্পানীয়ে৷ ষ্টাৰ্টআপ কোম্পানী WhiteHat Jrৰ তৰফৰ পৰা জনোৱা হৈছে যে তেওঁলোকৰ প্লেটফৰ্মত ভাৰতীয় মহিলা শিক্ষকৰ সংখ্যা বঢ়াব বিচৰা হৈছে। মন কৰিব লগা যে প্ৰতিষ্ঠানটোৱে প্ৰতিদিনে ২২০ জন শিক্ষকক এই প্লেটফৰ্মৰ সৈতে সংযুক্ত কৰিছে। এই পৰ্যন্ত উল্লিখিত প্লেটফৰ্মত ৭ হাজাৰ শিক্ষক আছে।
কিন্তু বছৰৰ শেষলৈকে প্লেটফৰ্মৰ সৈতে ২০ হাজাৰ শিক্ষক জড়িত কৰাৰ লক্ষ্য বান্ধিছে কোম্পানীটোৱে। অৰ্থাৎ এতিয়াও আৰু ১৩ হাজাৰ শিক্ষক নিয়োগ কৰিবলৈ বাকী ৰৈছে। সম্প্ৰতি WhiteHat Jrক Byju’s-এ অধিগ্ৰহণ কৰিছে। কোম্পানীটোৰ ফালৰ পৰা জনোৱা মতে, ভাৰত, ব্ৰিটেইন, আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এতিয়া ক্ৰমাগতভাৱে বৃদ্ধি পাইছে তেওঁলোকৰ প্লেটফৰ্মত। সেয়ে প্ৰয়োজন হৈছে শিক্ষকৰ। কৰোনা সংকটৰ মাজত ডিজিটেল শিক্ষাৰ প্ৰৱণতাও বৃদ্ধি পাইছে।
সংস্থাৰ চি ই অ’ কৰণ বাজাজে জনোৱা মতে, অভিভাৱকে পঢ়া-শুনাৰ বাবে এই পদ্ধতিক সম্পূৰ্ণ সমৰ্থন জনাইছে। প্লেটফৰ্মৰ সৈতে সংযুক্ত ৮৪ শতাংশ শিক্ষকৰ বয়স ৩৫ বছৰৰো কম। ঘৰৰ পৰাই পঢ়াইছে ছাত্ৰ-ছাত্ৰীক। মাহে উপাৰ্জন কৰিছে ৫০ হাজাৰৰ পৰা ১.৫ লাখ টকা পৰ্যন্ত।