ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা।সমান্তৰালকৈ ৰাজ্যত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে ৷সোমবাৰে অসমত ক’ৰোনাত আক্ৰান্ত ৪জন লোকৰ মৃত্যু হয়।
মৃত্যু হোৱা লোক কেইজন ক্ৰমে- সুব্ৰত পাত্ৰ (কামৰূপ মেট্ৰ’), হৰেণ মহন্ত (শিৱসাগৰ), সুকেন্দ্ৰ তাঁতী (তিনিচুকীয়া) আৰু মদন দত্ত (ডিব্ৰুগড়)।উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯জনলৈ বৃদ্ধি পালে ।