ষ্টাফ ৰিপ’ৰ্টাৰ:
প্ৰাক্তন বিজেপিৰ নেতা তথা ন-কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাৰ বিস্ফোৰণ।অহা ২১ৰ নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হ’ব ১৯জন বিজেপিৰ বৰ্তমানৰ বিধায়ক।নামকটা যাব লগা বিধায়ক সকলৰ তালিকা প্ৰস্তুত কৰি ইতিমধ্যে দলৰ শীৰ্ষ নেতৃত্বই প্ৰেৰণ কৰিছে আৰএছএছলৈ।এই তালিকা পৰৱৰ্ত্তী পৰ্যায়ত ৩০লৈ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। গুৱাহাটী ৰাজীৱ ভৱনত এই বিস্ফোৰণ প্ৰাক্তন বিজেপিৰ সংসাদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা গৰাকীৰ।
হোজাই বিধায়ক শিলাদিত্য দেৱ আৰু দিছপুৰ বিধায়ক অতুল বৰা আগন্তক নিৰ্বাচনত টিকট কৰ্টন হোৱাটো নিশ্চিত।দলৰ ভিতৰৰ কথা সকলো জানো বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় – গোপনে প্ৰেৰণ কৰা নাম কৰ্টন হ’ব লগা তালিকাত থকা বিধায়ক সকল হৈছে লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰৰ ৫ জন, তিনিচুকীয়া ২জন, ডিব্ৰুগড়ত ২জন, বৰাক ভেলীত প্ৰায় ৩ জন, কামৰূপ গ্রাম্য আৰু মেট্ৰত ৩জন।
ওপৰৰ পৰা তললৈ, প্ৰদেশৰ পৰা বুথলৈ বিজেপি দল প্ৰায় এতিয়া শেষ।পুৰণি যি সকল আচল বিজেপি আছিল সেইসকলৰ দলত গুৰুত্ব নাইকিয়া হ’ল।আৰ এছ এছৰ প্ৰশিক্ষণ লৈ অহা ৭৫-৮০ শতাংশ মানুহ দলত আছিল।মানুহ কিদৰে ভদ্ৰ হৈ মানুহক কথা কব লাগে সেই কথা আৰএছএছে শিকাইছিল।
আমাৰ জীৱন ধাৰণ সলনি কৰি দিছিল।সেই সকল মানুহে কেঁচুৰ দৰে মানুহৰ ঘৰে ঘৰে গৈ দলৰ ভেঁটি নিৰ্মাণ কৰিছিল।সেই মানুহ দলত এলাগী হ’ল।বৰ্তমান দলত যি সকল আহিছে তেওঁলোকৰ উদ্দেশ্যে ঠিকা-ঠুকোলী, চাকৰি-বাকৰি লাগে, মুঠতে লুটিবৰ আহিছে।কাম কৰিবলৈ সেই সকল অহা নাই- প্ৰাক্তন সাংসদ শৰ্মাই কয়।