
তৃণমূলৰ ২০ জন সাংসদে (TMC crisis) বিদ্ৰোহ কৰি দলত্যাগ কৰাৰ পাছতে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে লোকসভাত ৩০০ সংখ্যা অতিক্ৰম কৰাৰ পথত আগবাঢ়িছে।

কিন্তু অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ দ্বিতীয় অধিৱেশনত লোকসভাৰ আসন পুনৰ নিৰ্ধাৰণ বিধেয়ক বা ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক গৃহীত কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰে প্রয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ এতিয়াও বহু দূৰ বাকী আছে৷ বিজেপি নেতৃত্বাধীন এনডিএৰ লোকসভাত বৰ্তমান ২৯২ জন সাংসদ আছে।
তৃণমূল কংগ্ৰেছৰ পৰা ২০ জন বিদ্ৰোহী সাংসদ সংযোজন হ’লে ৩১২ জন হ’ব। কিন্তু আসনৰ সংখ্যা বৃদ্ধি, মহিলা সংৰক্ষণ প্ৰৱৰ্তন বা ‘এক দেশ, এক নিৰ্বাচন’ৰ দৰে সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ দুই তৃতীয়াংশ (৬৬.৬৭ শতাংশ) সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। সাধাৰণতে ৫৪৩ জনীয়া লোকসভাত এই সংখ্যা ৩৬২।
বৰ্তমান বছিৰহাটকে ধৰি তিনিখন আসন খালী হৈ থকাৰ সময়তে লোকসভাত আছে ৩৬১ জন সাংসদ। এই পৰিস্থিতিত যদি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ পৰা আঁতৰি যোৱা ডিএমকেৰ ২২ জন সাংসদে এনডিএত যোগদান কৰে তেন্তে এই সংখ্যা ৩৩৪ হ’ব। কিন্তু তাতো লক্ষ্য পূৰণ নহ’ব।
বিজেপিৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰি অনুসৰি, এই পৰিস্থিতিত উদ্ধৱ থাকৰেৰ শিৱসেনাৰ (ইউবিটি) ৮ জন, শৰদ পাৱাৰৰ এনচিপি(এছ)ৰ ৮ জন, ৱাইএছআৰ কংগ্ৰেছৰ ৪ জন, শিৰোমণি আকালি দলৰ এজন, আকালি দলৰ (ডব্লিউপিডি) ২ জন আৰু জোৰাম পিপ’লছ মুভমেণ্টৰ এজন সাংসদলৈ অমিত শ্বাহৰ দৃষ্টি আছে।
সূত্ৰ অনুসৰি, সোমবাৰে দিল্লীস্থিত বিজেপি নেতা ভূপেন্দ্ৰ যাদৱৰ ঘৰত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, প্ৰসুন বেনাৰ্জী, অসিত মাল, বাপি হালদাৰ, জুন মালিয়া, জগদীশ চন্দ্ৰ বাৰ্মা বসুনিয়া, কালিপদ সোৰেন, অৰূপ চক্ৰৱৰ্তী, পাৰ্থ ভৌমিক, শৰ্মিলা সৰকাৰৰ লগতে কাকলি আৰু শত্ৰুঘ্ন উপস্থিত থাকে।
ইতিমধ্যে বিদ্ৰোহীৰ তালিকাত ইউছুফ পাঠান, ৰচনা বেনাৰ্জী দেৱৰ নামো ওলাইছে। তেনে ক্ষেত্ৰত এনডিএ শিবিৰে আৰু কিছু সকাহ পাব।













