ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bihar new CM : বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপিৰ সম্ৰাট চৌধুৰী, বুধবাৰে কৰিব শপত গ্ৰহণ

নিউজ ডেস্কঃ

News Desk by News Desk
April 14, 2026
Reading Time: 1 min read
A A
0
Bihar new CM : বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপিৰ সম্ৰাট চৌধুৰী, বুধবাৰে কৰিব শপত গ্ৰহণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

জল্পনা-কল্পনাৰ অন্ত পেলাই নীতিশ কুমাৰৰ খালী হোৱা বিহাৰৰ মুখ্যমন্ত্ৰী (Vacant Chief Minister of Bihar)ৰ আসনখনত বহিব (Sit in the seat) সম্ৰাত চৌধুৰী (samrat choudhary)। বুধবাৰে (Wednessday) মুখ্যমন্ত্ৰী হিচাপে শপত (Oath as Chief Minister) গ্ৰহণ কৰিব বিজেপি (BJP)ৰ সম্ৰাট চৌধুৰীয়ে। মঙলবাৰে এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত সভাপতিত্ব কৰি মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে নীতিশ কুমাৰে। এই পৰিৱৰ্তন কেৱল বিহাৰৰ ৰাজনীতিৰ সন্ধিক্ষণে নহয়, ৰাজ্যৰ শাসকীয় মিত্ৰজোঁট এন ডি এৰ ভিতৰতো এক উল্লেখযোগ্য ৰাজনৈতিক পৰিৱৰ্তন। যোৱা ১০ এপ্ৰিলত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল নীতিশ কুমাৰে। ই ৰাজ্য চৰকাৰৰ নেতৃত্ব পুনৰ গঠনৰ পথ প্ৰশস্ত কৰিছিল।

বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ চৰ্চালৈ আহিছে বিভিন্ন জল্পনা-কল্পনা। শুনা গৈছিল যে যদি নীতিশ কুমাৰে পদ ত্যাগ কৰে তেন্তে বিহাৰৰ আসনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি বিজেপিৰ কোনোবাই মুখ্যমন্ত্ৰীৰ চকীত বহিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সহকাৰী সম্ৰাট চৌধুৰী তালিকাৰ শীৰ্ষত আছিল। অৱশ্যে আন কেইবাটাও নামো শুনা গৈছিল। কিছুদিন পূৰ্বে নীতিশ কুমাৰৰ বাসগৃহত কথা পাতি থকা দেখা গৈছিল সম্ৰাট চৌধুৰীক। তাৰ পিছত ক্ৰমান্বয়ে স্পষ্ট হৈ পৰে যে গেৰুৱা শিবিৰৰ নেতাসকলে সম্ৰাট চৌধুৰীক বেছি পছন্দ কৰে। সেই জল্পনা-কল্পনা মঙলবাৰে সঁচা হৈ উঠে। নীতিশ কুমাৰৰ পদত্যাগৰ পিছত বিহাৰৰ বিধায়কসকলে সম্ৰাট চৌধুৰীক বিধানসভাৰ নেতা হিচাপে বাছনি কৰে। লগে লগে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ কথাটোও যে স্পষ্ট হৈ পৰে।

samrat | ASSAM TIMES POST
বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপিৰ সম্ৰাট চৌধুৰী, বুধবাৰে কৰিব শপত গ্ৰহণ

এই সন্দৰ্ভত বিজেপি নেত্ৰী ৰাধা মোহন সিঙে কয়, “পূৰ্বৰ দৰে মুখ্যমন্ত্ৰীক বিহাৰত এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত কৰা হ’ব।” এতিয়া প্ৰশ্ন হয়, জেডিইউৰ নেতৃত্বৰ এটা অংশই নীতিশ কুমাৰৰ সলনি সম্ৰাট চৌধুৰীক গ্ৰহণ কৰিবনে? নীতিশ কুমাৰৰ ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্তক লৈ ইতিমধ্যে দলৰ নেতা-কৰ্মীৰ এটা অংশই অসন্তুষ্টি প্ৰকাশ কৰিছে। পাটনাত নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰক বৃহৎ ৰাজনৈতিক ভূমিকা পালন কৰিবলৈ আহ্বান জনাই দলীয় কৰ্মীয়ে বিভিন্ন পোষ্টাৰ লগাইছিল। বহু নেতাৰ মতে, বিহাৰ চৰকাৰে নীতিশ কুমাৰে দেখুওৱা পথ অনুসৰণ কৰিব।

৫৭ বছৰীয়া সম্ৰাট চৌধুৰীয়ে নীতিশ কুমাৰৰ কেবিনেটত উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ ‘কুৱেৰী’ বা ‘কুশৱাহা’ সম্প্ৰদায়ৰ। এই সম্প্ৰদায়টো ‘অন্যান্য পিছপৰা শ্ৰেণী’ (OBC) সম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰা হৈছে। পিছপৰা জাতিৰ ভিতৰত কুশৱাহা জনগোষ্ঠী যাদৱৰ পিছে পিছে। সংখ্যাগৰিষ্ঠতাৰ হিচাপত তেওঁলোক দ্বিতীয় বৃহত্তম। সূত্ৰ অনুসৰি, নীতিশ কুমাৰৰ দল জেডি(ইউ)-এ এই বিশেষ জাতিৰ কোনোবা এজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ বিজেপিক অনুৰোধ জনাইছিল।

১৯৯০ চনত সক্ৰিয় ৰাজনীতিত যোগদান কৰা সম্ৰাট চৌধুৰীয়ে ৰাজনৈতিক জীৱনত কেইবাবাৰো দল সলনি কৰি আহিছে। লালু যাদৱৰ আৰজেডিৰ পৰা নীতিশৰ জেডি(ইউ)লৈ আৰু অৱশেষত ২০১৭ চনত বিজেপিত যোগদান কৰে। ইয়াৰ মাজতে কেইবছৰমান বাদ দি ২০০৫ চনৰ পৰা বিহাৰত মিত্ৰজোঁটৰ ‘জুনিয়ৰ পাৰ্টনাৰ’ হিচাপে পৰিগণিত হৈছে বিজেপি। কিন্তু তেওঁলোকে নিজৰ দলৰ কোনো নেতাক ৰাজ্যৰ সৰ্বোচ্চ প্ৰশাসনিক পদত নিযুক্তি দিবলৈ আজিলৈকে অপেক্ষা কৰিবলগীয়া হৈছে।

উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাত নীতিশ কুমাৰৰ দলত ৮৫ জন বিধায়ক থকাৰ বিপৰীতে বিজেপিৰ ৮৯ জন বিধায়ক আছে।

Tags: samratchoudhary
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx