
ইৰাণ (Iran)ৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি (Foreign Minister Abbas Araghchi)য়ে ভাৰতৰ উদ্ধৃতি দি তেলক লৈ আমেৰিকাক সমালোচনা (Criticism of America) কৰিছে। তেওঁ দাবী কৰে যে ৰাছিয়াৰ তেলক লৈ ইমান দিনে আমেৰিকাই ভাৰতক ভাবুকি দি আহিছে, এতিয়া তেওঁলোকে সেই তেলৰ বাবে সমগ্ৰ বিশ্বক ভিক্ষা খুজিবলগা হৈছে। আমেৰিকাই ভাৰতৰ আগতো হাত পাতিছে বুলি তেওঁ দাবী কৰিছে।
শুকুৰবাৰে মাজনিশা আৰাঘচিয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “আমেৰিকাই কেইবামাহো ধৰি ভাৰতক ভাবুকি দি আহিছে, ৰাছিয়াৰ তেল আমদানি বন্ধ কৰিবলৈ। কিন্তু ইৰাণৰ সৈতে দুসপ্তাহৰ যুদ্ধৰ পিছত ছবিখন সলনি হ’ল। এতিয়া হোৱাইট হাউছে ভাৰতকে ধৰি সমগ্ৰ বিশ্বকে সেই ৰাছিয়াৰ তেল ক্ৰয় কৰিবলৈ ভিক্ষা কৰি আছে।” উল্লেখযোগ্য যে যুদ্ধৰ পিছত তেল বজাৰত উত্তেজনাৰ বাবে আমেৰিকাই কৈছিল যে ভাৰতে সম্প্ৰতি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব পাৰিব। ৩০ দিনৰ ‘ৰেহাই’ দিয়া হৈছে। ৫ মাৰ্চত হোৱাইট হাউছে দিয়া এই বিবৃতিক লৈ বিতৰ্কৰো সৃষ্টি হৈছিল। ভাৰতে কি কৰিব আৰু ক’ৰ পৰা তেল ক্ৰয় কৰিব তাৰ বাবে আমেৰিকাৰ অনুমতিৰ প্ৰয়োজন আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি বিৰোধীয়ে কেন্দ্ৰক প্ৰশ্ন উত্থাপন কৰে।

আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে দাবী কৰে যে ইয়াৰ ফলত ৰাছিয়ালৈ বিশেষ আৰ্থিক লাভ নহ’ব। কিন্তু বাস্তৱত বিগত কেইদিনমানৰ পৰা বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে ভাৰতকে ধৰি কেইবাখনো দেশে তেওঁলোকৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ৰাছিয়াৰ ৰাজহ বৃদ্ধি পাইছে। আৰাঘচিয়ে আমেৰিকাক উপহাস কৰিবলৈ এখন বাতৰি কাকতৰ শিৰোনামৰ ছবি পোষ্ট কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ ইউৰোপৰ দেশসমূহলৈও বাৰ্তা প্ৰেৰণ কৰে। তেওঁ লিখিছে, “ইউৰোপে ভাবিছিল যে যদি তেওঁলোকে ইৰাণৰ বিৰুদ্ধে এই অবৈধ যুদ্ধক সমৰ্থন কৰে তেন্তে তেওঁলোকে ৰাছিয়াৰ বিৰুদ্ধেও আমেৰিকাৰ সমৰ্থন পাব। বেচেৰা!”
উল্লেখযোগ্য যে আমেৰিকাই দাবী কৰিছিল যে ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ তেল ক্ৰয় কৰি ভাৰতে লাভ কৰা আৰ্থিক লাভ ইউক্ৰেইনত যুঁজিবলৈ ব্যৱহাৰ কৰিছিল। সেয়েহে এই আমদানি বন্ধ কৰিবলৈ ভাৰতক হেঁচা প্ৰয়োগ কৰা হৈছিল। আনকি ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। পিছত অৱশ্যে সেয়া উঠাই লোৱা হয়। হোৱাইট হাউছে দাবী কৰিছিল যে ভাৰতে এতিয়া ৰাছিয়াৰ তেল আমদানি হ্ৰাস কৰিছে। যদিও ভাৰত চৰকাৰে আৰম্ভণিৰে পৰাই কৈছিল যে ভাৰতে শক্তি নীতি নিৰ্ধাৰণ কৰে ৰাষ্ট্ৰীয় স্বাৰ্থত। আন কাৰো কথা মতে কাম নকৰে। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি সলনি হ’ল। পশ্চিম এছিয়াৰ যুদ্ধ আৰু ইৰাণে হৰমুজ প্ৰণালী অৱৰোধৰ ফলত প্ৰভাৱিত হোৱা তেল ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকাক সমালোচনা কৰিছে ইৰাণে। ক্ৰেতাসকলে তেলৰ বাবে ৰাছিয়াৰ ওচৰলৈ গৈছে।










