
লাডাখৰ পৰিৱেশ কৰ্মী (Environmental worker of Ladakh) সোণম ৱাংচুক (Sonam Wangchuk)ক আটক কৰাৰ সিদ্ধান্ত বাতিল (Arrest canceled) কৰিছে কেন্দ্ৰীয় চৰকাৰে (Central Govt.)। শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীন (Under the National Security Act)ত সোণমক আৰু আটক কৰা নহ’ব। যোৱা ছেপ্টেম্বৰ মাহত আটক কৰা হৈছিল তেওঁক। সোণমক ৰাজস্থানৰ যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো গোচৰ চলি আছে। ইফালে কেন্দ্ৰই সোণমক মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰায় ছমাহৰ পিছত মুকলি কৰি দিয়া হৈছে তেওঁক।
কেন্দ্রই জনোৱা মতে, আইন-শৃংখলা বজাই ৰাখিবলৈ সোণমক আটক কৰি ৰখা হৈছে৷ বিবৃতিটোত কোৱা হৈছে, “কেন্দ্ৰই লাডাখত শান্তি, স্থিতিশীলতা আৰু পাৰস্পৰিক বুজাবুজিৰ পৰিৱেশ বজাই ৰাখিব বিচাৰে। তেতিয়াহে সকলো পক্ষৰ সৈতে গঠনমূলক আলোচনা হ’ব পাৰে।

এই উদ্দেশ্যক আগুৱাই নিবলৈ যথাযথ বিবেচনাৰ অন্তত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত নিজৰ ক্ষমতা প্ৰয়োগ কৰি সোণম ৱাংচুকৰ আটক আদেশ বাতিল কৰাৰ সিদ্ধান্ত লৈছে।” গৃহ মন্ত্ৰালয়ে লগতে কয় যে লাডাখৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ বাবে চৰকাৰে তাত থকা সকলো দল-সম্প্রদায়ৰ সৈতে যোগাযোগত আছে৷
কেন্দ্ৰই ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত সোণমক আটক কৰিছিল। কোৱা হৈছিল যে তেওঁ ‘অশান্তি সৃষ্টিত সহায় কৰিছিল’। সোণমক আটক কৰি ৰখাক প্ৰত্যাহ্বান জনাই তেওঁৰ পত্নীয়ে উচ্চতম ন্যায়ালয়লৈ যায়। অভিযোগ অনুসৰি, তেওঁক অবৈধভাৱে আটক কৰি ৰখা হৈছিল। তেওঁৰ পত্নীয়েও দাবী কৰে যে কেন্দ্ৰই সোণমৰ ভাষণৰ ভুল ব্যাখ্যা কৰিছিল। কপিল ছিবালে তেওঁলোকৰ হৈ এই গোচৰটো যুঁজিছিল। চৰকাৰে আদালতত দাবী কৰে যে সোণমে নেপাল আৰু বাংলাদেশৰ দৰে ভাৰতৰ যুৱ প্ৰজন্মৰ (জেন জেড) সৰ্বাত্মক প্ৰতিবাদ সৃষ্টিৰ চেষ্টা চলাইছে। তেওঁ সমৰ্থন কৰি আছিল। এইবাৰ কেন্দ্ৰই সেই গোচৰত সোণমক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়।










