
অৰ্শৰোগৰ (Piles) অস্ত্ৰোপচাৰ (Operation) কৰি নিজৰ উৰ্ধতন বিষয়াৰ পৰা জিৰণি ল’বলৈ কেইদিনমানৰ বাবে ছুটীৰ বাবে আবেদন (Leave application) কৰিছিল। কিন্তু তেওঁৰ আবেদন অনুমোদন নহ’ল (Application was not approved) বুলি অভিযোগ উঠিছে। ফলত উৰ্ধতন বিষয়াৰ আচৰণত হতাশ হৈ আৰু নিজৰ অসুস্থতা প্ৰমাণ কৰিবলৈ ৰে’লৰ লোকো পাইলটে (Train loco pilot) কাপোৰ খুলি অস্ত্ৰোপচাৰৰ ঘা দেখুৱাই দিলে।
ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সংমণ্ডল (Lucknow Division)ৰ। লোকো পাইলটজনৰ নাম ৰাজেশ মীনা (Rajesh Mena)। তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। জানিব পৰা মতে শেহতীয়াকৈ তেওঁৰ অৰ্শ ৰোগৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। বাৰে বাৰে আবেদন জনোৱাৰ পাছতো মুখ্য ক্ৰু নিয়ন্ত্ৰক ৰতন কুমাৰে মীনাৰ আবেদনত অনুমোদন নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত মীনা ঔষধ, বেণ্ডেজ, প্ৰেছক্ৰিপচন, মেডিকেল ৰিপ’ৰ্ট লৈ নিয়ন্ত্ৰকৰ কাৰ্যালয়ত উপস্থিত হ’ল। তেওঁ নিজৰ টেবুলত ঔষধ, প্ৰেছক্ৰিপচন, চিকিৎসাৰ ৰিপ’ৰ্ট ৰাখি নিজৰ অসুস্থতাৰ প্ৰমাণ দিলে। তেওঁ নিয়ন্ত্ৰকক কিয় ছুটী লোৱাৰ প্ৰয়োজন সেই কথাও ক’লে।

অভিযোগ অনুসৰি, এই সকলোবোৰৰ মাজতো নিয়ন্ত্ৰক ৰতন কুমাৰ মৌন হৈ থাকিল। তেওঁ ছুটীৰ আবেদন মঞ্জুৰ কৰিব বিচৰা নাছিল। তেওঁৰ বিৰুদ্ধে অমানৱীয় ব্যৱহাৰৰ অভিযোগ। ৰতনক তেওঁৰ প্ৰতি অমানৱীয় ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মীনাই কোৱা শুনা যায়, “আপুনি যদি বিচাৰে, মই আপোনাক অস্ত্ৰোপচাৰৰ ঠাই দেখুৱাব পাৰো।” ইয়াৰ পিছত তেওঁ নিজৰ শৰীৰৰ তলৰ কাপোৰ আঁতৰাই নিয়ন্ত্ৰকক দেখুৱাই দিলে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
জানিব পৰা মতে, মীনা দীৰ্ঘদিন ধৰি অৰ্শ ৰোগত আক্ৰান্ত হৈ আছিল। মধ্যপ্ৰদেশৰ ইন্দোৰতো চিকিৎসা গ্ৰহণ কৰিছিল। কিন্তু কোনো লাভ নহ’ল। অৱশেষত ২২ ফেব্ৰুৱাৰীত লক্ষ্ণৌত মীনাৰ অস্ত্ৰোপচাৰ কৰা হয়।চিকিৎসকে অস্ত্ৰোপচাৰৰ পিছত কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিয়ে। তেওঁ কৰ্মস্থলীত থকা উচ্চপদস্থ বিষয়াক চিকিৎসকৰ পৰামৰ্শৰ বিষয়ে অৱগত কৰি আৰু কেইদিনমানৰ বাবে ছুটী বৃদ্ধিৰ বাবে আবেদন জনায়। কিন্তু অনুমোদন পোৱা নাছিল বুলি অভিযোগ উঠিছে। মীনাই দাবী কৰে যে চিকিৎসা প্ৰতিবেদন দাখিল কৰাৰ পিছতো তেওঁৰ আবেদন অনুমোদন হোৱা নাছিল।
সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, যেতিয়া মুখ্য নিয়ন্ত্ৰকে তেওঁৰ ছুটীৰ অনুৰোধত অনুমোদন নিদিলে, তেতিয়া অৱশেষত তেওঁ শ্ৰমিক সংঘৰ নেতাৰ সৈতে যোগাযোগ কৰে। সংমণ্ডলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কথা পাতে। ইয়াৰ পিছত মীনাৰ ছুটী অনুমোদন হ’ল। এই ঘটনাক লৈ লক্ষ্ণৌ সংমণ্ডলৰ ৰে’লৱে কৰ্মীসকলে মাত মাতিছে। নিয়ন্ত্ৰকক শাস্তি প্ৰদানৰ দাবী জনাইছে। ইণ্ডিয়ান লোকো ৰানিং ষ্টাফ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক কে চি জেমছে কয় যে এজন কৰ্মচাৰীয়ে নিজৰ অসুস্থতা প্ৰমাণ কৰিবলৈ কাপোৰ খুলি নিজৰ উৰ্ধতন বিষয়াক অস্ত্ৰোপচাৰৰ স্থান দেখুৱাবলগীয়া হোৱাটো অতি লজ্জাজনক।










