
দেশৰ ভিতৰতে প্ৰথম। কৰ্ণাটক চৰকাৰে (Karnataka Govt.) ১৬ বছৰৰ তলৰ শিশুক (Children under 16 years) সামাজিক মাধ্যম ব্যৱহাৰ (Use of social media) কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত (Decision to impose a ban) লৈছে। মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়া (CM Siddaramaiah)ই এই ঘোষণাটো কৰে। তেওঁ কয় যে শিশুসকলৰ ওপৰত মোবাইল ফোন ব্যৱহাৰৰ বৰ্ধিত প্ৰতিকূল প্ৰভাৱ ৰোধ কৰিবলৈ সিদ্ধান্তটো লোৱা হৈছে৷ ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ দ্বাৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়া। এইবাৰো কৰ্ণাটক একেই পথত আছে।
ইয়াৰ আগতে গোৱা আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰেও কৈছিল যে তেওঁলোকে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ দ্বাৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰি আছে। কৰ্ণাটক হৈছে দেশৰ প্ৰথমখন ৰাজ্য য’ত ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰা হৈছে। কোৱা বাহুল্য যে চিদ্দাৰামাইয়াই আগতে শিশুসকলৰ দ্বাৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

ছ’চিয়েল মিডিয়াই শিশুৰ আচৰণ, শিক্ষা আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। কেৱল সেয়াই নহয়, ছ’চিয়েল মিডিয়াৰ বাবে শিশুসকল ড্ৰাগছৰ সংস্পৰ্শলৈ আহিছে বুলিও তেওঁ কয়। এইবাৰ তেওঁ এটা ডাঙৰ সিদ্ধান্ত ল’লে। শেহতীয়াকৈ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছিল যে অষ্ট্ৰেলিয়াই ১৬ বছৰৰ তলৰ শিশুক ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দৰে ভাৰতে একে পথ অনুসৰণ কৰা উচিত। উচ্চ ন্যায়ালয়ৰ মতে, ছ’চিয়েল মিডিয়া ব্যৱহাৰ সন্দৰ্ভতো কিছুমান নিয়ম থাকিব লাগে। সেয়েহে কেন্দ্ৰই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
ন্যায়াধীশ জি জয়চন্দ্ৰন আৰু কে কে ৰামকৃষ্ণনৰ বিচাৰপীঠৰ সন্মুখত এই সন্দৰ্ভত এখন লেখ আৱেদন দাখিল কৰা হৈছিল। তাত কৈছিল যে আদালতে কেন্দ্ৰক ইন্টাৰনেট সেৱা প্ৰদানকাৰীসকলৰ বাবে নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিবলৈ কোৱা উচিত। ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলে ‘পেৰেণ্টেল উইণ্ডো’ খুলিব লাগিব। অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত নজৰ ৰাখিব লাগে। এনেদৰে, শিশুসকলক পৰ্ণগ্ৰাফীৰ দৰে ক্ষতিকাৰক সমলৰ পৰা আঁতৰাই ৰখা সম্ভৱ।










