
ভাৰত মহাসাগৰ (Indian Ocen)ত যুদ্ধজাহাজত আক্ৰমণৰ পিছত (After the attack on the warship) ইৰানে ভাবুকি দিছে আমেৰিকাক (Iran has threatened America)। ইৰানে জনাই দিছে যে ইয়াৰ পৰিণাম আমেৰিকাই ভুগিব লাগিব। একে সময়তে আমেৰিকাই ‘ভাৰতীয় নৌসেনাৰ অতিথি’ক আক্ৰমণ কৰা বুলিও কয়। ইৰাণৰ যুদ্ধ জাহাজখনক কোনো সতৰ্কবাণী নোহোৱাকৈ আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে তেহৰানে।
বুধবাৰে পুৱা আমেৰিকাৰ এখন ছাবমেৰিনে ভাৰত মহাসাগৰত ইৰাণৰ যুদ্ধ জাহাজ ‘ডেনা’ক আক্ৰমণ কৰে। টৰ্পিডো নিক্ষেপ কৰি ইৰাণৰ যুদ্ধজাহাজখন ধ্বংস কৰে। বৰ্তমানলৈকে আমেৰিকাৰ টৰ্পিডো আক্ৰমণৰ পৰা উদ্ধাৰ হৈছে ৮৭টা মৃতদেহ। ৩২ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। কিন্তু এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ৬০জন লোক। নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত বৃহস্পতিবাৰৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ হৈছে। কিন্তু বহুতে বিশ্বাস কৰে যে ইমান সময় পাৰ হোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা ক্ষীণ হৈ আহিছে। আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে (Iran Foreign Minister Abbas Araghchi) আমেৰিকা বাহিনীক ভাবুকি দিয়ে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “ইৰাণৰ উপকূলৰ পৰা প্ৰায় ২০০০ মাইল (৩২১৮ কিলোমিটাৰ) দূৰত্বত সাগৰত আমেৰিকাই এক নৃশংস কাণ্ড সংঘটিত কৰিছে। কোনো সতৰ্কবাণী নিদিয়াকৈ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় জলসীমাত ভাৰতীয় নৌসেনাৰ অতিথি ফ্ৰিগেট ‘ডেনা’ত আক্ৰমণ চলাই। সেই সময়ত জাহাজখনত প্ৰায় ১৩০ জন লোক আছিল। মনত ৰাখিব, তেওঁলোকে কৰা কাৰ্যৰ বাবে আমেৰিকাই ভুগিব লাগিব।”
বুধবাৰে শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ সমীপত সংঘটিত হয় এই আক্ৰমণ। শ্ৰীলংকাৰ নৌসেনাই নিজেই যুদ্ধজাহাজখনত উদ্ধাৰ অভিযান আৰম্ভ কৰে। জীৱিত অৱস্থাত উদ্ধাৰ হোৱা ৩২ জন লোকক এতিয়া দক্ষিণৰ বন্দৰ চহৰ গালেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

শেহতীয়াকৈ ভাৰতৰ বিশাখাপট্টনমত আন্তঃৰাষ্ট্ৰীয় নৌসেনাৰ অনুশীলন অনুষ্ঠিত হয়। সংবাদ সংস্থা পি টি আইৰ তথ্য অনুসৰি, ইৰাণৰ যুদ্ধ জাহাজখনে ভাৰতে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰিছিল। কিন্তু এই বিষয়ত ভাৰতীয় নৌসেনাৰ কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল। এইবাৰ ইৰাণৰ বৈদেশিক মন্ত্ৰীয়েও দাবী কৰে যে আমেৰিকাৰ টৰ্পিডো আক্ৰমণত ডুব যোৱা যুদ্ধজাহাজখন ভাৰতীয় নৌসেনাৰ ‘অতিথি’।
আৰাঘচিৰ পোষ্ট সন্দৰ্ভতো ভাৰত চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। অৱশ্যে চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি একাংশই দাবী কৰে যে ডেনাই ১৬-২৫ ফেব্ৰুৱাৰীলৈকে আন্তঃৰাষ্ট্ৰীয় নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰিছিল। সূত্ৰটোৱে দাবী কৰিছে যে ভাৰতৰ জলসীমা এৰি যোৱাৰ পিছত ইয়াক আৰু ভাৰতৰ ‘অতিথি’ বুলি ক’ব নোৱাৰি।
ডেনাত আক্ৰমণৰ (Dena attack) পিছত এইবাৰ উপকূলীয় অঞ্চলত সতৰ্কতা বৃদ্ধি কৰিছে শ্ৰীলংকাই। বৃহস্পতিবাৰে কলম্বোৱে কয় যে তেওঁলোকৰ উপকূলীয় অঞ্চলত ইৰাণৰ আন এখন জাহাজ আছে। শ্ৰীলংকাই ইয়াক সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। দ্বীপ ৰাষ্ট্ৰখনৰ মন্ত্ৰীসভাৰ মুখপাত্ৰ নালিণ্ডা জয়তিছাই কয় যে আমি (ইৰাণৰ জাহাজখনত থকা লোকসকলৰ) জীৱন ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছো।
বুধবাৰে শ্ৰীলংকাৰ উপকূলত ইৰাণৰ নৌসেনা বাহিনীক কোন বা কিয় আক্ৰমণ কৰিছিল সেয়া প্ৰথমে স্পষ্ট হোৱা নাছিল। অৱশ্যে শ্ৰীলংকাৰ নৌসেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনাইছে যে ইৰাণৰ যুদ্ধজাহাজখনক এখন ছাবমেৰিনে আক্ৰমণ কৰিছিল। পিছত বিষয়টো অধিক স্পষ্ট হৈ পৰিল। আমেৰিকাৰ বিষয়াৰ উদ্ধৃতি দি ৰয়টাৰে দাবী কৰিছে যে এই আক্ৰমণ আমেৰিকাই সংঘটিত কৰিছে।










