
ইৰাণ (Iran)ৰ সর্বোচ্চ নেতা (Supreme leader) আয়াতুল্লা আলী খামেইনিৰ (Ayatollah Ali Khamenei) ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ ইৰাণৰ ট্রেফিক কেমেৰা (Traffic camera) আৰু মোবাইল নেটৱর্ক (Mobile Network) হেক (hack) কৰিছিল ইজৰাইলে (Israel)। একাধিক সূত্রৰ উদ্ধৃতি দি এই দাবী কৰিছে ব্রিটিছ সংবাদপত্র ‘ফিনেনঞ্চিয়েল টাইমছ’ৰ এক প্রতিবেদনত (‘Financial Times’ report)।
ইজৰাইলৰ কেইবাজনো বর্তমানৰ আৰু প্রাক্তন চোৰাংচোৱা বিষয়াৰ উদ্ধৃতি দি প্রতিবেদনখনত কোৱা হৈছে, তেহৰানৰ প্রায় সকলো ট্রেফিক কেমেৰাৰ ওপৰত নজৰ ৰখা হৈছিল। দুটি সূত্রৰ দাবী, কেইবা বছৰ ধৰি ট্রেফিক কেমেৰাৰ ফুটেজ গুচি গৈছিল ইজৰাইলৰ তেল আভিভত থকা ছার্ভাৰলৈ। তেনেদৰে খামেইনিৰ গতিবিধি সম্পর্কে নিশ্চিত হ’ব বিচাৰিছিল ইজৰাইলৰ চোৰাংচোৱাসকলে।

প্রতিবেদনত এই কথাও কোৱা হৈছে যে তেহৰানৰ পাস্তুৰ ষ্ট্ৰীটত খামেইনিৰ বিভাগৰ নিকটৱর্তী এটা ট্রেফিক কেমেৰা ইজৰাইল চোৰাংচোৱাৰ বাবে ‘বিশেষ গুৰুত্বপূর্ণ’ আছিল। উক্ত কেমেৰাত নজৰ ৰাখিয়েই ইৰাণৰ সর্বোচ্চ ধর্মীয় নেতাগৰাকীৰ দেহৰক্ষীসকলৰ গতিবিধি, তেওঁলোকৰ গাড়ী ৰখা স্থান, আনকি দৈনন্দিন কাম সম্পর্কেও ইজৰাইল অৱগত হৈছিল। তেহৰানৰ উচ্চপদস্থ বিষয়াসকলৰ ফোন-কথোপকথন জানিবলৈ দেশখনৰ মোবাইল নেটৱর্ক হেক কৰা হৈছিল বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে। অৱশ্যে এই বিষয়ে এতিয়াও ইজৰাইল বা ইৰাণৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে মুখ খোলা নাই।










