
যুদ্ধৰ মাজত আবদ্ধ ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেন্দ্রই কাম কৰি আছে৷ ইয়াৰ বাবে দিল্লীয়ে পশ্চিম এছিয়া (West Asia)ৰ দেশসমূহৰ সৈতে যৌথভাৱে কাম কৰি যাব। এই কথা সোমবাৰে দেশবাসীৰ আগত কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi)। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পশ্চিম এছিয়া (West Asia)ৰ বৰ্তমান পৰিস্থিতি যথেষ্ট চিন্তনীয় (situation is concerning)। বৰ্তমান ভাৰত ভ্ৰমণত আছে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি। সোমবাৰে তেওঁ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰে মোদীয়ে। তেওঁ কয়, “পশ্চিম এছিয়াৰ পৰিস্থিতি অতি চিন্তনীয়। আমি তাত ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে পশ্চিম এছিয়াৰ দেশসমূহৰ সৈতে একেলগে কাম কৰি আছো। ভাৰতে সকলো সমস্যা আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধান কৰাটো বিচাৰে।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ কেৱল ভাৰত আৰু কানাডাৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেও এক ডাঙৰ প্ৰত্যাহ্বান।
আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লা আলী খামেইনিৰ মৃত্যুৰ পিছত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। সমগ্ৰ পশ্চিম এছিয়াতে সামৰিক উত্তেজনা বিয়পি পৰিছে। বিভিন্ন বিমান সংস্থাই সম্প্ৰতি অঞ্চলটোত বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। কিছু দেশত আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে। ফলত বহু ভাৰতীয় পশ্চিম এছিয়াৰ দেশত আবদ্ধ হৈ আছে। দেওবাৰে কেন্দ্ৰীয় কেবিনেট কমিটীৰ নিৰাপত্তা সমিতিৰ বৈঠকত বহিঃৰাষ্ট্ৰত আবদ্ধ ভাৰতীয়সকলক নিৰাপদে উচ্ছেদ কৰাৰ সন্দৰ্ভত দীঘলীয়া আলোচনা কৰা হয়।

সোমবাৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও কয় যে পশ্চিম এছিয়াত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদেশত আবদ্ধ ভাৰতীয়সকলক সম্বোধন কৰি তেওঁ কয়, ” চিন্তাৰ কোনো কাৰণ নাই। আমি তেওঁলোকক নিৰাপদে ঘূৰাই অনাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছো।” ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত ভাৰতীয়ক ঘূৰাই অনাৰ ধৰণৰ কথাও তেওঁ উল্লেখ কৰে।
দিল্লীত কেৰ্ণৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত মোদীয়ে কয় যে ভৱিষ্যতে প্ৰতিৰক্ষা সঁজুলিৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰিব। ইয়াৰ উপৰি ভাৰতে কানাডাৰ সৈতে ইউৰেনিয়াম চুক্তিও স্বাক্ষৰ কৰিছে। দৰাচলতে ইউৰেনিয়াম হৈছে পাৰমাণৱিক শক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ মৌল। মোদীয়ে কয় যে ভাৰত আৰু কানাডাই ভৱিষ্যতে ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰৰ বিকাশৰ ক্ষেত্ৰত একেলগে কাম কৰিব।










