
মধ্যপ্ৰদেশৰ ইন্দোৰ (Indore)ৰ এজন লোকে ৱাটছএপত (WhatsApp) অচিনাকি নম্বৰৰ পৰা নিমন্ত্ৰণ লাভ (Received an invitation) কৰে। সেয়া হৈছে বিয়াৰ নিমন্ত্ৰণী পত্ৰ (Wedding invitation card)। এখন ধুনীয়া ডিজিটেল বিবাহ কাৰ্ড। তাত লিখা আছিল– “আপোনাক আদৰণি জনোৱা হৈছে। অনুগ্ৰহ কৰি নিমন্ত্ৰণ গ্ৰহণ কৰি আমাক বাধিত কৰিব। অনুগ্ৰহ কৰি পৰিয়ালৰ সৈতে অনুষ্ঠানলৈ আহি নৱদম্পতীক আশীৰ্বাদ কৰক।’’ ইয়াৰ লগতে তাৰিখ আৰু সময় আৰু স্থানৰ ঠিকনাও উল্লেখ কৰা হ’ল।
ৱাটছএপত অচিনাকি নম্বৰৰ পৰা এনেধৰণৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পোৱাত ইন্দোৰৰ লোকজনে প্ৰথমে স্তম্ভিত হৈ পৰিছিল। কিন্তু কৌতুহলে তেওঁক ফান্দৰ ফালে টানি লৈ গ’ল। নিমন্ত্ৰণৰ শেষত এটা লিংক আছিল। লিখা আছিল যে এই লিংকৰ পৰা আপুনি বিয়াখনৰ লগত জড়িত সকলো তথ্য লাভ কৰিব। মানুহজনে লিংকটোত ক্লিক কৰিলে।

কিছু সময়ৰ পাছত তেওঁৰ মোবাইললৈ এটা মেছেজ আহিল– ‘আপোনাৰ একাউণ্টৰ পৰা ২০ হাজাৰ টকা উলিওৱা হৈছে’। ইয়াৰ পিছত আৰু কেইটামান মেছেজ। কথাটো বুজি পোৱালৈকে তেওঁৰ একাউণ্ট খালী কৰি নিৰুদ্দেশ হৈ গ’ল চাইবাৰ অপৰাধী (Cyber criminal)। শেহতীয়াকৈ চাইবাৰ অপৰাধীয়ে ৱাটছএপৰ জৰিয়তে ঠগিবলৈ নতুন কৌশল উলিয়াইছে। আৰু কিছুমান মানুহে সেই ফান্দত পৰি সকলো হেৰুৱাইছে।
শেহতীয়াকৈ ইন্দোৰৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই সদাশিৱ যাদৱৰ নামত কেইবাখনো বিয়াৰ নিমন্ত্ৰণ পত্ৰ লাভ কৰিছিল। তাৰিখটো ২৪ ফেব্ৰুৱাৰী বুলি লিখা আছে।যেতিয়া নিমন্ত্ৰণ পত্ৰ নিজে কংগ্ৰেছ নেতাৰ ওচৰ পালে, তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিল। লগে লগে ছচিয়েল মিডিয়াত নিমন্ত্ৰণী পত্ৰখন পোষ্ট কৰি ৰাইজক কয় যে এয়া তেওঁ পঠোৱা নিমন্ত্ৰণী পত্ৰ নহয়। ভুলতে কাৰ্ডখনৰ লগত পঠোৱা লিংকটোত কোনেও ক্লিক কৰিব নালাগে। কংগ্ৰেছ নেতাগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তেতিয়াৰ পৰাই আৰক্ষীয়ে এই নিমন্ত্ৰণী পত্ৰ প্ৰেৰকক বিচাৰি ফুৰিছে। লগতে আৰক্ষীয়েও সাধাৰণ ৰাইজক এনে প্ৰৱঞ্চনাৰ সন্দৰ্ভত সকীয়াই দিয়ে।











