সেয়েহে যান বাহন আইনৰ অধীনত যোৱা ২৬ জুলাইত বোকাখাত যান বাহন আৰক্ষীৰ দ্বাৰা বোকাখাতত প্ৰায় ১৫৫ খন আইনী আসোঁৱাহ যুক্ত দুচকীয়া বাহন জব্দ কৰা হয়। বীমা আঁচনি বিহীন অথবা নৱীকৰণ নকৰা বীমা আঁচনিৰ বাহন আৰু হেলমেট পৰিধান নকৰা চালকৰ সমূহ বাহন জব্দ কৰি চালকৰ পৰা জৰিমনা আদায় লোৱা হয়, লগতে চালকলৈ উক্ত বিষয় সমূহৰ প্ৰতি সজাগতামূলক পৰামৰ্শ প্ৰদান কৰা হয় বুলি বোকাখাত যান বাহন আৰক্ষী বিষয়া গোবিন চন্দ্ৰ কাকতিয়ে জানিবলৈ দিছে। পিছত প্ৰক্ৰিয়ামতে জৰিমনা আদায় দিয়া দুচকীয়া বাহনসমূহ মুক্ত কৰি চালকক গটাই দিয়া হয়। বোকাখাত যান বাহন আৰক্ষীৰ এই প্ৰচেষ্টাক বোকাখাতৰ সচেতন মহলে আদৰণী জনাইছে।