ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Aligarh Muslim University : আপুনি হিন্দু, পঢ়াব নোৱাৰিব, প্ৰায় তিনি দশক ধৰি হাৰাশাস্তিৰ অভিযোগ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 9, 2026
Reading Time: 1 min read
A A
0
Aligarh Muslim University : আপুনি হিন্দু, পঢ়াব নোৱাৰিব, প্ৰায় তিনি দশক ধৰি হাৰাশাস্তিৰ অভিযোগ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

আলিগড় মুছলিম বিশ্ববিদ্যালয় (Aligarh Muslim University)ৰ জ্যেষ্ঠ অধ্যাপিকা (Senior Professor) এগৰাকীয়ে প্ৰায় তিনি দশক ধৰি ধৰ্মীয় বৈষম্য (Religious discrimination) আৰু মানসিক হাৰাশাস্তি (Mental harassment)ৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন (Raise a complaint) কৰিছে। এই অবিৰত হেঁচাত তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত যথেষ্ট কষ্ট পাইছে বুলি দাবী কৰে। আনকি তেওঁৰ গৰ্ভপাতো হৈছিল।

ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ৰচনা কৌশলে অভিযোগ কৰিছে যে তেওঁ হিন্দু হোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ উচ্চ কৰ্তৃপক্ষই তেওঁক লক্ষ্য কৰি লয়। অডিঅ’ ৰেকৰ্ডিং আৰু নথি-পত্ৰৰ সৈতে আনুষ্ঠানিক অভিযোগ উপাচাৰ্যৰ ওচৰত দাখিল কৰি এই বিষয়ত তেওঁ এফ আই আৰ দাখিল কৰাৰ পৰিকল্পনা কৰা বুলিও কয়।

অধ্যাপিকা ৰচনা কৌশলৰ মতে, ১৯৯৮ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰাৰ পিছতে এই হাৰাশাস্তি আৰম্ভ হৈছিল।তেওঁ কয়, “মোৰ নিযুক্তিৰ কম সময়ৰ ভিতৰতে বৈষম্য আৰু মানসিক হাৰাশাস্তি আৰম্ভ হৈছিল। মই কেতিয়াও ভবা নাছিলো যে মোৰ ধৰ্মীয় পৰিচয় মোৰ বিৰুদ্ধে কোনো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰা হ’ব।” ৰচনা কৌশলে অভিযোগ কৰে যে এই হেঁচা বছৰ বছৰ ধৰি অব্যাহত আছিল আৰু জীৱনৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত তীব্ৰতৰ হৈ পৰিছিল। ২০০৪ চনত যমজ সন্তানৰ গৰ্ভৱতী হোৱাৰ সময়ত তেওঁ অত্যধিক কামৰ বোজা আৰু মানসিক চাপৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁৰ গৰ্ভপাত হৈছিল। অধ্যাপিকা কৌশলে লগতে কয় যে তেওঁৰ স্বামী ডাঃ ডি এ এম ইউৰ জে এন মেডিকেল কলেজৰ জ্যেষ্ঠ অধ্যাপক পাণ্ডেৰ ২০১২ চনত মৃত্যু হয়।

muslim 1 | ASSAM TIMES POST
হিন্দু, অধ্যাপিকক প্ৰায় তিনি দশক ধৰি হাৰাশাস্তিৰ অভিযোগ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ

সমাজ বিজ্ঞান বিভাগৰ বৰ্তমানৰ ডীন অধ্যাপক মহম্মদ নাফিছ আহমেদ আনছাৰীয়েও বাৰে বাৰে তেওঁৰ ধৰ্মক লৈ মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে অধ্যাপিকাগৰাকীয়ে। ৰচনা কৌশলে অভিযোগ কৰে, “ডীনে মোক কৈছিল, ‘আপুনি হিন্দু, বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ যাওক।”

ৰচনাই কয় যে এই মন্তব্য ব্যক্তিগতভাৱে অপমানজনক আৰু বিশ্ববিদ্যালয়খনৰ ধৰ্মনিৰপেক্ষ মূল্যবোধক ক্ষতিগ্ৰস্ত কৰে। এনে মন্তব্যই শত্ৰুতাপূৰ্ণ কৰ্ম পৰিৱেশৰ সৃষ্টি কৰা বুলিও কয় তেওঁ। অধ্যাপিকা ৰচনা কৌশলে এই মন্তব্যৰ অডিঅ’ ৰেকৰ্ডিং প্ৰমাণ হিচাপে উপাচাৰ্য অধ্যাপিকা নাইমা খাতুনক জমা দিছে।

হাৰাশাস্তিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো অধ্যাপিকা ৰচনা কৌশলে পৰিস্থিতি উন্নত হ’ব বুলি আশা কৰি বছৰ বছৰ ধৰি শিক্ষকতা কৰি থকা বুলি কয়। অৱশ্যে এতিয়া তেওঁৰ মতে আইনী ব্যৱস্থাই সমস্যা সমাধানৰ একমাত্ৰ উপায়। বিষয়টো ৰাজহুৱা কৰি আৰক্ষীৰ কাষ চাপিবলৈ মনস্থ কৰা বুলিও কয় তেওঁ।

ইফালে এ এম ইউ কৰ্তৃপক্ষই অভিযোগ লাভ কৰা বুলি স্বীকাৰ কৰিছে। কৰ্তৃপক্ষই জনোৱা মতে, আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ বা অভিযুক্ত অধ্যাপকৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AligarhMuslimUniversity
Share4Tweet3Send

Related Posts

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে
National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

by News Desk
January 22, 2026
50
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান
National-International

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

by News Desk
January 22, 2026
50
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা
National-International

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

by Staff Reporter
January 22, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
National-International

Viral Video । বিয়াত দৰা-কইনাৰ আলিঙ্গন, চুম্বন; খঙতে পুৰোহিতে কৰিলে এই কাম

by Staff Reporter
January 22, 2026
50
Agniveer : জুলাই মাহত পুনৰ অগ্নিবীৰৰ নিযুক্তি
National-International

Home Ministry I সীমান্তত বছৰত কমেও ৫০ নিশা কটাব লাগিব আৰক্ষী বিষয়াই, গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ

by Staff Reporter
January 22, 2026
50
Peace of Board I ট্ৰাম্পৰ ‘পীচ অব ব’ৰ্ড’ত পাকিস্তানৰো যোগদান, ভাৰতে কেতিয়া কৰিব
National-International

Peace of Board I ট্ৰাম্পৰ ‘পীচ অব ব’ৰ্ড’ত পাকিস্তানৰো যোগদান, ভাৰতে কেতিয়া কৰিব

by Staff Reporter
January 22, 2026
50
ADVERTISEMENT
Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে
National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

January 22, 2026
50
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান
National-International

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

January 22, 2026
50
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা
National-International

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

January 22, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
National-International

Viral Video । বিয়াত দৰা-কইনাৰ আলিঙ্গন, চুম্বন; খঙতে পুৰোহিতে কৰিলে এই কাম

January 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

January 22, 2026
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

January 22, 2026
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

January 22, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13907) BREAKING NEWS (6491) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2063) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3543) Lifestyle (24) literature (16) National-International (11364) NORTHEAST (893) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (504) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (1)  কাৰ্বি আংলঙ (3) कार्बी आंगलोंग (1) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d