
ভাৰতৰ হেঁচাত ব্ৰিটেইনত খালিষ্টিনীসকলৰ (Khalistani) বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইউকে চৰকাৰে গুৰপ্ৰীত সিং ৰেহাল আৰু ‘বাব্বৰ আকালি ৱেভ’ নামৰ এটা সংগঠনৰ ওপৰত সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ অভিযোগত নিষেধাজ্ঞা আৰোপ কৰিছে।

বিতৰ্কিত এই সংগঠন ‘বাব্বৰ খালচা ইণ্টাৰনেচনেল’ নামৰ এটা খালিস্তানী সংগঠনৰ অংশ বুলি কোৱা হয়। এই পদক্ষেপক ব্ৰিটেইনৰ সন্ত্ৰাসবাদ বিৰোধী ৰণনীতিৰ লগতে ভাৰত-ব্ৰিটেইনৰ সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ অংশ হিচাপে চোৱা হৈছে৷
জানিব পৰা মতে ৪ ডিচেম্বৰত ‘বাব্বৰ আকালি ৱেভ’ নামৰ বিতৰ্কিত সংগঠনটোৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইউকে চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী নিয়মাৱলী ২০১৯ বলৱৎ কৰা হৈছিল। এই নিষেধাজ্ঞাৰ সৈতে, ব্ৰিটেইন চৰকাৰে গুৰপ্ৰীত সিং ৰেহালৰ সম্পত্তিৰ লগতে সংগঠনটোৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিব।
পঞ্জাৱৰ চিআইচি, হোৱাইট হক কনছালটেণ্টছ লিমিটেড আৰু ৰিহালৰ সৈতে সম্পৰ্কিত এক অসংগঠিত প্ৰতিষ্ঠান আইৰণ ডিজাইনছকো নিষিদ্ধ কৰা হৈছে। ইউকেৰ নাগৰিকসকলে সংগঠনটোৰ সৈতে কোনো কাৰণত চুক্তি কৰিবলৈ সক্ষম নহ’ব। যদি তেওঁলোকে এনে কৰে, তেওঁলোকক সাত বছৰৰ কাৰাদণ্ড আৰু ১ মিলিয়ন পাউণ্ড জৰিমনা বিহা হ’ব।













