
একেৰাহে তিনিদিন ধৰি ব্যাহত হৈছে ইণ্ডিগ’ৰ বিমান সেৱা (Indigo)। সমগ্ৰ দেশৰ বিমানবন্দৰত যাত্ৰীৰ যন্ত্ৰণা তুংগত। সেৱাসমূহ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ আৰু ৭২ ঘণ্টা সময় লাগিব পাৰে।

অৱশ্যে এই বিশৃংখল পৰিস্থিতিৰ কাৰণ কি সেয়া জানিবলৈ কেন্দ্ৰই উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই নিৰ্দেশ দিয়া বুলি পি আই বিৰ পৰা জানিব পৰা গৈছে।
বিবৃতি অনুসৰি, ইণ্ডিগ’ দুৰ্যোগৰ কাৰণৰ তদন্তৰ প্ৰয়োজনীয়তা আহি পৰিছে। সেইবাবেই অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে এই ঘটনাৰ আনুষ্ঠানিক তদন্তৰ নিৰ্দেশ দিছে। কি কি ভুলৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হ’ল সেই সন্দৰ্ভত তদন্তত পৰ্যালোচনা কৰা হ’ব। ভৱিষ্যতে যাতে এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে এই তদন্তৰ প্ৰয়োজন বুলি কেন্দ্ৰই কৈছে।
পি আই বিয়ে কয়, “ভাৰত চৰকাৰে ইণ্ডিগ’ দুৰ্যোগৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ইণ্ডিগ’ত কি ভুল হৈছে, ইয়াৰ তদন্ত কৰা হ’ব। সেই বিষয়টো পৰ্যবেক্ষণ কৰাৰ পিছত প্ৰয়োজনীয় পদক্ষেপসমূহো উল্লেখ কৰা হ’ব। প্ৰয়োজন হ’লে কৰ্তৃপক্ষক উত্তৰ বিচৰা হ’ব। চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে যাতে যাত্ৰীসকলে ভৱিষ্যতে এনে কোনো অসুবিধাৰ সন্মুখীন নহয়।”
কেন্দ্ৰই বিমান সংস্থা বিশেষকৈ ইণ্ডিগ’ক নিজৰ সেৱা স্বাভাৱিক কৰি যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে অহৰহ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে বুলি অৱগত কৰা হৈছে। বিমান সংস্থাসমূহৰ সৈতে সমন্বয় স্থাপন আৰু যিকোনো সমস্যাৰ তৎক্ষণাত সমাধানৰ বাবে ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।
বিমান সেৱাৰ সৈতে জড়িত যিকোনো সমস্যা সমাধানৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে তৎপৰতা অৱলম্বন কৰিছে। বিমান মন্ত্ৰী নাইডুৱে তেওঁৰ মন্ত্ৰালয়ৰ বিষয়া আৰু ইণ্ডিগ’ৰ বিষয়াসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে কথা পাতিছে।
ইয়াৰ পূৰ্বে ইণ্ডিগ’ৱে কেন্দ্ৰীয় মন্ত্ৰীক জনাইছিল যে তেওঁলোকৰ সেৱা সম্পূৰ্ণৰূপে স্বাভাৱিক কৰিবলৈ ১০ ফেব্ৰুৱাৰীলৈকে সময় দিব লাগে। ইয়াৰ মাজতে কেন্দ্রই ইণ্ডিগ’ক ৰেহাই দি শ্ৰম নিয়মো শিথিল কৰিছে৷













