
আত্মীয়-স্বজন আৰু অতিথি সকলোৱে উপস্থিত আছিল। কিন্তু যাৰ বাবে বিয়া আয়োজন কৰা হৈছে সেই দৰা-কইনায়ে অনুপস্থিত। সকলোৱে আগ্ৰহেৰে বাট চাই আছিল বিয়াৰ অনুষ্ঠানৰ বাবে। কিন্তু ইয়াৰ মাজতে খবৰ আহিল যে দৰা-কইনা তেওঁলোকৰ বিয়াত উপস্থিত থাকিব নোৱাৰে। কাৰণ ইণ্ডিগ’ৰ বাবে হোৱা দেশজুৰি বিমান সংকট।

কইনা কৰ্ণাটকৰ হুবলীৰ মেধা ক্ষীৰসাগৰ। দৰা হৈছে ওড়িশাৰ ভুৱনেশ্বৰৰ সংগম দাস। দুয়োজনেই ছফ্টৱেৰ ইঞ্জিনিয়াৰ। দুয়ো কামৰ বাবে বেংগালুৰুত থাকে। ২৩ নৱেম্বৰত ভুৱনেশ্বৰত মেধা আৰু সংগমৰ বিবাহ হয়। কৰ্ণাটকৰ মেধাৰ ঘৰত আন এক অনুষ্ঠানৰ (অভ্যৰ্থনা) আয়োজন কৰা হয়।
সেই অনুষ্ঠানটো আছিল ৩ ডিচেম্বৰ, বুধবাৰে। সেইমতে নৱবিবাহিত দুয়োগৰাকীয়ে বিমানৰ টিকটো বুকিং কৰিছিল। ভুৱনেশ্বৰৰ পৰা বেংগালুৰু হৈ হুবলীলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকৰ টিকট আছিল ২ ডিচেম্বৰৰ (মঙলবাৰ)। ইণ্ডিগ’ এয়াৰলাইনছত বিমানৰ টিকট বুকিং কৰিছিল নৱবিবাহিত দুয়োগৰাকীয়ে।
২ ডিচেম্বৰত নিৰ্ধাৰিত সময়ত ঘৰৰ পৰা ওলাই আহি বিমানবন্দৰত উপস্থিত হয় নৱদম্পতি। কিন্তু বিমানবন্দৰত উপস্থিত হৈ তেওঁলোকে গম পালে যে ইণ্ডিগ’ৰ এখনৰ পিছত আনখন বিমান বাতিল কৰা হৈছে। তেওঁলোকৰ বিমানখনো সেই তালিকাত আছিল। ডাঙৰ সমস্যাত পৰে তেওঁলোক। অপেক্ষা কৰি থাকিলও কৰ্ণাটকলৈ যোৱা ইণ্ডিগ’ৰ কোনো এখন বিমানে গন্তব্যস্থানলৈ উৰা মাৰিব নোৱাৰিলে। ফলত মঙলবাৰে কৰ্ণাটকলৈ যাব নোৱৰাৰ বাবে হতাশ হৈ পৰে নৱদম্পতি।
৩ ডিচেম্বৰ, বুধবাৰেও দেখা গʼল একেখন ছবি। বাতিল কৰা হ’ল ইণ্ডিগ’ৰ বিমান সেৱা। যাতে সেই শুভ মুহূৰ্তটো পাৰ হৈ নাযায়, তাৰ বাবে মেধাই ভুৱনেশ্বৰৰ পৰা অনলাইনযোগে কৰ্ণাটকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। বিয়াৰ অনুষ্ঠানৰ মঞ্চত এটা ডাঙৰ টিভি স্থাপন কৰা হয়। মেধা আৰু সংগম দৰা-কইনা হিচাপে কেমেৰাৰ সন্মুখত বহে। আৰু কৰ্ণাটকত বিয়াৰ ৰীতি-নীতি কৰা হয়।
এইদৰেই মেধা আৰু সংগমে বিয়াৰ বাকী নিয়মখিনি সম্পূৰ্ণ কৰে। উল্লেখ্য যে বুধবাৰে এদিনতে বাতিল কৰা হয় ২০০ৰো অধিক ইণ্ডিগ’ বিমান। যাৰ বাবে দিল্লী, মুম্বাই, বেংগালুৰু আদি দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিমানবন্দৰত যাত্ৰীসকলে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয়।













